৩০ ছেপ্টেম্বৰৰ পূর্বে প্রথম বর্ষৰ নামভর্তি সম্পূর্ণ কৰাৰ নির্দেশ কলেজ–বিশ্ববিঃক

৩০ ছেপ্টেম্বৰৰ পূর্বে প্রথম বর্ষৰ নামভর্তি সম্পূর্ণ কৰাৰ নির্দেশ কলেজ–বিশ্ববিঃক

ক’ৰোনাকালৰ মাজতে শনিবাৰে বিশ্ববিদ্যালয় অনুদান আয়োগ, চমুকৈ ইউ জি চিয়ে ২০২১–২২ শৈক্ষিক বর্ষৰ নির্দেশনা জাৰি কৰিছে৷ এই নির্দেশনা অনুসৰি শৈক্ষিক বর্ষ ২০২১–২২ৰ স্নাতক প্রথম বর্ষৰ পাঠদান এক অক্টোবৰৰ পৰা আৰম্ভ হ’ব৷ ইউ জি চিয়ে দেশৰ সকলো মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ প্রথম বর্ষৰ পাঠ্যক্রমৰ নামভর্তিৰ প্রক্রিয়া ৩০ ছেপ্ঢেম্বৰৰ পূর্বে সমাপ্ত কৰিবলৈ নির্দেশনা দিছে৷ এক অক্টোবৰৰ পৰা পাঠদান আৰম্ভ কৰিব লাগিব৷ ইউ জি চিৰ সচিব ৰাজনীশ জৈনে বিশ্ববিদ্যালয়সমূহ উপাচার্য আৰু মহাবিদ্যালয়ৰ অধ্যক্ষলৈ এই নতুন নির্দেশনা প্রেৰণ কৰিছে৷

নির্দেশনা অনুসৰি আণ্ডাৰ গ্রেজুৱেট তথা স্নাতক প্রথম বর্ষৰ পাঠ্যক্রমত নামভর্তি ৩০ ছেপ্ঢেম্বৰৰ ভিতৰত সম্পূর্ণ কৰিব লাগিব৷ আনপিনে, খালী হৈ থকা আসনবোৰ পিছলৈ ৩১ অক্টোবৰৰ ভিতৰত পূৰণ কৰিব লাগিব৷ ২০২১ বর্ষৰ ৩১ ডিচেম্বৰলৈকে পৰীক্ষাত উত্তীর্ণৰ তথ্যসমূহ গ্রহণ কৰিব পাৰিব৷ ২০২১–২২ শৈক্ষিক বর্ষৰ প্রথম ষাণ্মাসিক/প্রথম বর্ষৰ শিক্ষার্থীৰ পাঠদান এক অক্টোবৰৰ পৰা আৰম্ভ হ’ব৷ চলিত শৈক্ষিক বর্ষ ২০২০–২১ৰ টার্মিনেল ছেমিষ্টাৰ/চূড়ান্ত বর্ষৰ পৰীক্ষাসমূহ অফলাইন (কাগজ–কলম)/অনলাইন/ব্লেণ্ডেড (অনলাইন প্লাছ অফলাইন)ৰ জৰিয়তে ৩১ আগষ্টৰৰ পৰা সমাপ্ত কৰিব লাগিব৷ এই পৰীক্ষা ক’ভিড–১৯ প্রট’কল অনুসৰি অনুষ্ঠিত কৰিব লাগিব৷ দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ ফলাফল ৩১ জুলাইত দিয়া হ’ব বুলি ঘোষণা কৰা হৈছে৷ যদি কিবা কাৰণতে এই ফলাফল ঘোষণাত বিলম্ব হয়, তেতিয়াহ’লে উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহে শৈক্ষিক বর্ষ ১৮ অক্টোবৰৰ পৰা আৰম্ভ কৰিব৷ আনপিনে ক’ভিড–১৯ৰ লকডাউন আৰু এই সম্পর্কীয় কাৰকৰ বাবে বিত্তীয় সংকটত পৰা পিতৃ–মাতৃসকলে পৰীক্ষা বাতিলৰ পাছত সকলো পুঁজি সম্পূর্ণকৈ ওভতাই পাব৷ এই প্রক্রিয়া ৩১ অক্টোবৰৰ পূর্বে সম্পূর্ণ কৰিব লাগিব৷

আনহাতে, দেশৰ প্রখ্যাত দিল্লী বিশ্ববিদ্যালয়ৰ নামভর্তিৰ পঞ্জীয়ন দুই আগষ্টৰ পৰা আৰম্ভ হ’ব৷ বিশ্ববিদ্যালয়ৰ নামভর্তিৰ সমগ্র প্রক্রিয়া পঞ্জীয়নৰ পৰা নামভর্তিৰ মাচুল আদায় দিয়ালৈকে অনলাইনতে সম্পূর্ণ হ’ব৷ মন কৰিবলগীয়া যে ইয়াৰ পূর্বে দিল্লী বিশ্ববিদ্যালয়ে ১৫ জুলাইৰ পৰা নামভর্তিৰ পঞ্জীয়ন আৰম্ভ কৰিব বুলি ঘোষণা কৰিছিল যদিও সেয়া পিছুৱাই দি অহা দুই আগষ্টৰ পৰা আৰম্ভ কৰিব৷ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ গুপ্তাই প্রকাশ কৰা মতে, আণ্ডাৰ গ্রেজুৱেট পাঠ্যক্রমত নামভর্তিৰ পঞ্জীয়ন ২ আগষ্টৰ পৰা আৰম্ভ হ’ব আৰু অন্তিম সময়সীমা ৩১ আগষ্ট৷ লক্ষণীয় যে পোষ্ট গ্রেজুৱেট পাঠ্যক্রমৰ পঞ্জীয়ন বিশেষকৈ দিল্লী ইউনির্ভার্ছিটী এণ্ড্রেছ টেষ্ট (ডুৱেট ২০২১)ৰ পঞ্জীয়ন ২৬ জুলাইৰ পৰা আৰম্ভ হ’ব আৰু এই আবেদনৰ অন্তিম সময়সীমা ২১ আগষ্ট৷

GTM Desk

Related