Advertisement

৩২ সংখ্যক আছাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপৰ প্ৰথম দিনাৰ খেল অন্ত

৩২ সংখ্যক আছাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপৰ প্ৰথম দিনাৰ খেল অন্ত

গুৱাহাটী, ২ জুলাইঃ
সৰুসজাইস্থিত ড০ জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্সত আজিৰে পৰা আৰম্ভ হ’ল ৩২ সংখ্যক আছাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপ। পুৱা ৮ বজাত পতাকা উত্তোলনৰে প্ৰতিযোগিতাৰ উদ্ধোধন কৰে অসম সাঁতোৰ সন্থাৰ উপসভাপতি দেৱ হাজৰিকাই। বন্তি প্ৰজ্বলন কৰি উদ্বোধনী শুভেচ্ছা জ্ঞাপন কৰে চুইমিং ফেডাৰেছন অফ ইণ্ডিয়াৰ উপসভাপতি তথা অসম সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে। তেওঁ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আগমন কৰা ৬১০ গৰাকী খেলুৱৈক আন্তৰিক শুভেচ্ছা জনায়। প্ৰতিযোগীখনিৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে অসম চৰকাৰৰ ক্ৰীড়া সচিব কাচুৰ জামি হিল্লালীয়ে।

আজিৰ দিনটোত মুঠ ৫৮টা ইভেন্টত প্ৰতিযোগিতা অনুষ্ঠিত হয়। উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে যুটীয়া সম্পাদক চন্দন জ্যোতি ফুকন, প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী, অল কামৰূপ জিলা সাঁতোৰ সন্থাৰ সম্পাদক নৱজ্যোতি গগৈ, আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা সাঁতোৰ খেলুৱৈ ফাৰিয়া জামান আৰু আস্থা চৌধুৰী।

আগষ্ট মাহত ৰোমানিয়াত অনুষ্ঠিত হ’ব লগীয়া জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত ভাৰতীয় দলত অন্তৰ্ভুক্ত হোৱা তীৰ্থাংক পেগু আৰু জনঞ্জয় জ্যোতি হাজৰিকাক অসম সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰে।

তিনিদিনীয় এই প্ৰতিযোগিতা ৪ জুলাইত সামৰণি পাব।

assam_lutad

Shahnawaz Hamza