৪৩ বছৰৰ ভিতৰত ৫৩ তম বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হোৱা আজৱ লোকজন

1 min read

বিবাহ হৈছে জীৱনৰ এক সুন্দৰ অনুভৱ। প্ৰতিটো দম্পতীয়ে বিচাৰে যে তেওঁলোকৰ মাজত সদায়ে প্ৰেম থাকিব লাগে যাতে বিবাহিত জীৱনত সুখী হৈ থাকিব পাৰি। ইয়াৰ মাজতে, এনে এগৰাকী ব্যক্তিৰ কথা পোহৰলৈ আহিছে, যিয়ে এতিয়ালৈকে ৫৩ বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছে। অৱশ্যে, বিশেষ কথাটো হ’ল যে তেওঁ বাৰে বাৰে বিয়া কৰি অতিষ্ঠ হৈ পৰিছে, কিন্তু তেওঁ যি কথা ঘোষণা কৰিছে সেই কথাই নিশ্চয় সকলোকে আচৰিত কৰি তুলিব।

চৌদি আৰৱৰ বাসিন্দা ৬৪ বছৰীয়া আবু আব্দুল্লাই বৰ্তমান বিবাহৰ বাবে আলোচনাৰ বিষয় হৈ পৰিছে। আবুয়ে ৪৩ বছৰৰ ভিতৰত মুঠ ৫৩ বাৰ বিবাহ পাশত আৱদ্ধ হৈছে, যি অতি আচৰিত। আবুৰ সাক্ষাৎকাৰত কৈছে যে, “মই কোনো মানসিক ইচ্ছাৰ বাবে অথবা সম্পৰ্ক গঢ়ি তোলাৰ বাবে এনে নকৰো, বৰঞ্চ জীৱনত ভাৰসাম্য আৰু মানসিক শান্তি প্ৰাপ্ত কৰিবলৈহে ৫৩ বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হৈছো।

ইপিনে, আবুৰ প্ৰথম বিবাহ তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সন্মতিত ২০ বছৰ বয়সত হৈছিল। তেওঁৰ প্ৰথম পত্নী বয়সত ডাঙৰ আছিল যদিও দুয়ো বিবাহিত জীৱনত সুখী আছিল। কিন্তু কেইদিনমানৰ পিছতে তেওঁলোকৰ সম্পৰ্কত কাৰোবাৰ কু-দৃষ্টি পৰাত আবুৱে পুনৰ বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লয়। এনেদৰে আবুৰ বিবাহ কৰাৰ শৃংখলা অব্যাহত থাকে। অৱশ্যে, ৪৩ বছৰৰ ভিতৰত ৫৩ বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হোৱা আবু এতিয়া মাত্ৰ এগৰাকী মহিলাৰ সৈতে আছে আৰু এতিয়া তেওঁ ঘোষণা কৰিছে যে ভৱিষ্যতে তেওঁৰ বিবাহ কৰাৰ কোনো ইচ্ছা নাই।

You May Also Like

More From Author