৬ অক্টোবৰত চিত্ৰগৃহলৈ নতুন অসমীয়া চলচ্চিত্ৰ ‘এটি নক্ষত্ৰ’

৬ অক্টোবৰত চিত্ৰগৃহলৈ নতুন অসমীয়া চলচ্চিত্ৰ ‘এটি নক্ষত্ৰ’

গুৱাহাটী প্ৰেছ ক্লাবত ট্ৰেইলাৰ-গীত প্ৰদৰ্শন
গুৱাহাটী, ৬ ছেপ্টেম্বৰঃ সম্প্ৰতি মুক্তিৰ ক্ষণ গণি থকা নতুন অসমীয়া চলচ্চিত্ৰ ‘এটি নক্ষত্ৰ’ অহা ৬ অক্টোবৰত অসমৰ লগতে দেশৰ কেবাখনো মহানগৰৰ চিত্ৰগৃহত মুক্তি দিয়া হ’ব৷ আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি চলচ্চিত্ৰখনিৰ বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগতে ছবিখনিৰ ট্ৰেইলাৰ আৰু এটি গীত প্ৰদৰ্শন কৰে৷ সাংবাদিক হেমন্ত শৰ্মাই আঁতধৰা সংবাদমেলখনিত ছবিখনিৰ প্ৰযোজক-পৰিচালকৰ লগতে কেবাগৰাকীও কলা-কুশলী উপস্থিত থাকে৷ ‘অপৰাধীক শাস্তিও বিহা হয়, ক্ষমাও কৰা হয়৷ তাৰ পাছতো আমাৰ মন-মগজুত অপৰাধ জীয়াই থাকে৷ অপৰাধক বস কৰিব পাৰিলে অপৰাধীয়েই নাথাকিব৷ আৰু তাৰবাবে কেতিয়াবা জন্ম হয় একো একোটা নক্ষত্ৰৰ৷’ – এনে এক সমাজহিতকৰ গধুৰ বিষয়বস্তু লৈ নিৰ্মাণ কৰা হৈছে ‘এটি নক্ষত্ৰ’৷ ‘হাইপ এণ্টাৰটেইনমেণ্ট’ৰ বেনাৰত ছবিখনি প্ৰযোজনা কৰিছে ৰুদ্ৰজিৎ মজুমদাৰ আৰু দ্বিগ্বিজয় মেধিয়ে৷ ৰুদ্ৰজিৎ মজুমদাৰৰ কাহিনী-চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত ছবিখনিৰ টিজাৰ- অলপতে মুক্তি দিয়া হয়৷ মুখ্য সহকাৰী পৰিচালক অমৰদ্বীপ গগৈ আৰু সহকাৰী পৰিচালক কণিকা দাস, চন্দন কুমাৰ আৰু দিব্যজ্যোতি ডেকা৷ দৃশ্যগ্ৰহণকাৰী প্ৰদীপ দৈমাৰী৷ সংগীত পৰিচালক বিকাশ বৰুৱা৷ ছবিখনিৰ গীতসমূহত কণ্ঠদান কৰিছে ৰূপম ভূঞা আৰু প্ৰণামিকা গোস্বামীয়ে৷ গীতিকাৰ ৰুদ্ৰজিৎ মজুমদাৰ আৰু উদ্ধৱ নেওগ৷ সম্পাদনা কৰিছে নিৰঞ্জ ন গগৈ আৰু ৰমেন বৰাই৷ টিজাৰ আৰু ট্ৰেইলাৰ সম্পাদনা কৰিছে গৌৰাংগ মাধৱ শইকীয়াই৷ শব্দ সংমিশ্ৰণ আৰু শব্দ গ্ৰহণকাৰী জ্যোতি চেতিয়া৷ কালাৰ কাৰেকচন কৰিছে সুজিত বৰা আৰু অশীম শৰ্মাই৷ ভিজুৱেল এফেক্টৰ কাম কৰিছে দীপাংকৰ চহৰীয়াই৷ সাজসজ্জাৰ দায়িত্বত আছে ৰাণী দত্ত৷ ৰূপসজ্জ্বাৰ দায়িত্বত আছে পৰাণ শৰ্মা, দীপালী শৰ্মা বৰদলৈ, বিশ্ব কলিতা, পিজু শৰ্মা, জিতু দাস, ৰুমী গোস্বামী৷ কলা নিৰ্দেশক ভাস্কৰজ্যোতি কলিতা৷ আনহাতে, ‘এটি নক্ষত্ৰ’ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে– ৰীণা বৰা, বিষ্ণু খাৰঘৰীয়া, সূৰেণ মহন্ত, ৰুদ্ৰজিৎ মজুমদাৰ, মহেন্দ্ৰ দাস, মিণ্টু বৰুৱা, গীতাৱলী ৰাজকুমাৰী, প্ৰতিভা চৌধুৰী, পংকজ পূজাৰী, অৰ্চনা পূজাৰী, লিপিকা বৰা মেধি, ৰাজশ্ৰী বৰা, কৃপাল কলিতা, নিলয় গুপ্তা, নৰ্মদা দাস, অদ্ৰী হাতীবৰুৱা, ৰবিজিতা গগৈ, মল্লিকা শৰ্মা, পাপৰি শইকীয়া, তপজিত দত্ত বৰা, নয়নীতা গোস্বামী, উদ্ধৱ নেওগ, ৰাজশ্ৰী শৰ্মা, মণিষা ডেকা, গৌৰৱ বৰা, গাৰ্গী মহন্ত, তজমুল হুছেইন, শংকু বৰমুদৈ, ইমৰাণ হুছেইন, ভায়লিনা বৰুৱা, কৌশিক গোস্বামী, ৰঞ্জন তালুকদাৰ, লাবণ্য বণিয়া, অদ্ৰিতা পৰজা মহন্ত, অনিল হালৈ, চন্দন বৰুৱা, শংকৰ কলিতা, জয়ন্তজিৎ দাস, ডেইজী ৰাণী তালুকদাৰ, বিণিতা বড়োৰ উপৰি শিশুশিল্পী হৰ্ষিল কলিতা, ৰাঘৱী বৰা, স্বস্তিকা মজুমদাৰ, কৃষ তালুকদাৰ, নীৰ গগৈ, বৰ্ণিল গগৈ, অদ্দিক আদি৷ উল্লেখ্য যে, ইতিমধ্যে মুক্তিলাভ কৰা ‘এটি নক্ষত্ৰ’ৰ ট্ৰেইলাটোৱে ছ’চিয়েল মিডিয়াত ব্যাপক জনপ্ৰিয়তা লাভ কৰা পৰিলক্ষিত হৈছে৷

GTM Desk

Related