‘ৰাঘৱ’ক লৈ ট্ৰ’ল কৰাসকল পৰিব বিপদত,সকলো ট্ৰ’লাৰ্ছৰ বিৰুদ্ধে গোচৰ ৰুজু যতীন বৰাৰ

‘ৰাঘৱ’ক লৈ ট্ৰ’ল কৰাসকল পৰিব বিপদত,সকলো ট্ৰ’লাৰ্ছৰ বিৰুদ্ধে গোচৰ ৰুজু যতীন বৰাৰ

অভিনেতা যতীন বৰাৰ শেহতীয়াকৈ মুক্তি পোৱা চলচ্চিত্ৰ ‘ৰাঘৱ’ক লৈ অসমবাসীয়ে তীব্ৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমত ৰাঘৱ’ ছবিক ট্ৰ’ল কৰাক লৈ যতীন বৰা এতিয়া অতিষ্ঠ হৈ পৰিছে। ‘ৰাঘৱ’ক লৈ ট্ৰ’ল কৰাসকল বিপদত পৰিব। কিয়নো যতীন বৰাই সকলো ট্ৰ’লাৰ্ছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

‘ৰাঘৱ’ক লৈ ট্ৰ’ল কৰাসকলৰ বিৰুদ্ধে যতীন বৰা আৰক্ষীৰ কাষ চাপিছে। তেওঁ গুৱাহাটীৰ চাইবাৰ থানাত ট্ৰ’লাৰ্ছৰ বিৰুদ্ধে ১৩/২৩ নম্বৰত এক গোচৰ ৰুজু কৰিছে। ইতিমধ্যে থানালৈ বহুতকে তলব কৰা হ’ব। ‘ৰাঘৱ’ৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰা লোকক আৰক্ষীয়ে তলব কৰিব বুলি জানিব পৰা গৈছে।

Shahnawaz Hamza