‘ৰাঘৱ’ৰ ট্ৰ’লাৰ্ছৰ বিৰুদ্ধে সঁচাকৈ গোচৰ দিছে নেকি অভিনেতা যতীন বৰাই?

‘ৰাঘৱ’ৰ ট্ৰ’লাৰ্ছৰ বিৰুদ্ধে সঁচাকৈ গোচৰ দিছে নেকি অভিনেতা যতীন বৰাই?

অভিনেতা যতীন বৰাই তেওঁৰ শেহতীয়া মুক্তিপ্ৰাপ্ত ‘ৰাঘৱ’ চিনেমাখনৰ ট্ৰ’লাৰৰ বিৰুদ্ধে গোচৰ দিয়া সন্দৰ্ভত অভিনেতাজনে স্পষ্টীকৰণ দিছে। তেওঁ কোনো ব্যক্তি বিশেষৰ বিপৰীতে বা ‘ৰাঘৱ’ চিনেমাখনক ট্ৰ’ল কৰাৰ বাবে কোনো ব্যক্তিৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ দিয়া হোৱা নাই বুলি সামাজিক মাধ্যমৰ জৰিয়তে জনায়। অভিনেতাজনৰ মতে, বিগত সময়ত তেওঁৰ ফটো নাইবা ভিডিঅ’ এডিট কৰি বিকৃত কৰাৰ লগতে দুদিনমানৰ আগতে এটা ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এক দুষ্ট চক্ৰই গ্ৰুপ খুলি ‘ৰাঘৱ’ চাবলৈ আহ্বান জনাই ইচ্ছুক লোকক সেই গ্ৰুপত join কৰিবলৈ আহ্বান কৰিছিল। যিহেতু যতীন বৰা বা ‘ৰাঘৱ’ৰ দলে এনে কোনো গ্ৰুপ বনোৱা নাই, গতিকে এনেধৰণৰ কাৰ্য ছবিজগতৰ বাবে ক্ষতিকাৰক বুলি ভাবিহে তেওঁ ক্ৰাইম বাঞ্চত গোচৰ দিছিল বুলি জানিবলৈ দিয়ে।

অভিনেতাজনে কয় যে, এনে ধৰণৰ ঘটনা আগতেও সংঘটিত হৈ আহিছে। দুষ্ট চক্ৰই ফটো , ভিডিঅ’ এডিট কৰা আৰু চিনেমাৰ অপপ্ৰচাৰৰ আহ্বান জনোৱাৰ আঁৰৰ কাৰণ জনাটো প্ৰয়োজনীয় আৰু অসমীয়া ছবি উদ্যোগটোৰ যাতে কোনো ক্ষতি নহয় সেই উদ্দেশ্যৰে তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছিল।

Shahnawaz Hamza

Related