ৰূপহীহাটৰ জুৰীয়াত আৰক্ষীৰ অভিযানত দুটা ম’ষ্ট ৱান্টেড ডকাইত আটক ৷
গুৱাহাটী টাইমচ, ১০ মে’ : শনিবাৰে নিশা জুৰীয়া অাৰক্ষী অাৰু নগাঁৱৰ পৰা অহা সীমান্ত অাৰক্ষীৰ দলে ডকাইতৰ বিৰুদ্ধে যৌথ অভিযান চলাই । এই অভিযানত জুৰীয়াৰ চতিয়ান গাওঁৰ পৰা কৰায়ত্ব কৰে ম’ষ্ট ৱান্টেড ডকাইত ইৰচাদ অালী অাৰু ছাইফুল ইছলামক।
বিগত ২০১৭ চনত জুৰীয়া আৰক্ষী থানাৰ গোচৰ নম্বৰ .607/17 u/s 148/326/307IPC অভিযোগত আজি গ্ৰেপ্তাৰ কৰে দুয়োটা ডকাইতক।
উল্লেখ যে ডকাইত দুটাই নগাওঁ জিলাৰ কেইবাটাও ডকাইতি আৰু হত্যা কাণ্ডৰ লগত জড়িত আছিল ।আৰক্ষীৰ কাৰনে মূৰৰ কামোৰণি হৈ আছিল ডকাইত দুটা। যোৱা নিশা জুৰীয়া আৰক্ষীয়ে এক গোপন খৱৰৰ ভিত্তিত আটক কৰিবলৈ সক্ষম হয় ডকাইত দুটাক ৷