জানেনে কি কাৰণে কেলছিয়ামৰ অভাৱ হয় ?

জানেনে কি কাৰণে কেলছিয়ামৰ অভাৱ হয় ?

আমাৰ শৰীৰটোৰ বাবে প্ৰয়োজনীয় উপাদানসমূহৰ ভিতৰত কেলছিয়াম হৈছে অন্যতম । আধুনিক জীৱন-যাপন আৰু উপযুক্ত খাদ্যাভ্যাসৰ অভাৱত এতিয়া বহুতো লোকৰ এইবিধ উপাদানৰ ভাৰসাম্য ৰক্ষাত ব্যাঘাত জন্মিছে।

সেইবাবে এইবিধ উপাদানৰ অভাৱ নহ’বলৈ সকলোৱে কিছুমান বিষয়ত গুৰুত্ব প্ৰদান কৰা উচিত। কেলছিয়ামৰ অভাৱ হোৱাটো বহুতো বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে। খাদ্যৰ জৰিয়তে গ্ৰহণ কৰাৰ পৰিৱৰ্তে যদি ‘ছাপ্লিমেণ্ট’ গ্ৰহণ কৰে অতিৰিক্ত ভাবে তেতিয়াও কিডনী বা বৃক্কত পাখৰৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।
আনহাতে, ইয়াৰ অভাৱৰ সমস্যা দূৰ কৰিবলৈ হ’লে জীৱন যাপনৰ পদ্ধতিৰ পৰিৱৰ্তন কৰিবই লাগিব।

■ কেলছিয়ামৰ অভাৱ ৰোধ কৰিবলৈ নিয়মীয়াকৈ গাখীৰ খোৱাটো আৱশ্যক কাৰণ গাখীৰত প্ৰচুৰ পৰিমাণে কেলছিয়াম পোৱা যায়।

■ যিসকলে প্ৰচুৰ পৰিমাণে কোমল পানীয় আদি খায় তেওঁলোকৰ শৰীৰত এইবিধ উপাদানৰ অভাৱ হয়।

■ শাৰীৰিক দুৰ্বলতাৰ বাবেও কিছু কিছু সময়ত কেলছিয়ামৰ অভাৱ ঘটা দেখা যায়।

■ মহিলাসকলৰ মেন’পজৰ সময়ত কেলছিয়ামৰ অভাৱ হয়। যিসকল মহিলাই কম বয়সৰ পৰাই এই ক্ষেত্ৰত সতর্কতা অৱলম্বন কৰে তেওঁলোকৰ কম হোৱা দেখা যায়। যিসকলে সদায় অতিৰিক্তভাৱে ব্যায়াম কৰে তেওঁলোকৰ শৰীৰত অভাৱ হ’ব পাৰে।

■ শৰীৰত কেলছিয়াম অভাৱৰ ক্ষেত্ৰত ভিটামিন ‘ডি’ৰ ভূমিকা গুৰুত্বপূৰ্ণ। যেতিয়া ভিটামিন ‘ডি’ৰ অভাৱ ঘটে তেতিয়া কেলছিয়ামৰ অভাৱ হোৱাৰ আশংকা অধিক থাকে। সেইবাবে সকলোৱে সতর্কতা অৱলম্বন কৰা উচিত।

GTM Desk

Related