Governor Jagdish Mukhi’s one day tour to Nagaon.

Governor Jagdish Mukhi’s one day tour to Nagaon.

নগাঁৱত এদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যপাল জগদীশ মুখী । অংশ ল’লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ।

এদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে নগাঁৱত উপস্থিত হ’ল ৰাজ্যপাল জগদীশ মুখী । নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনত অংশ লোৱাৰ উদ্দেশ্যেৰে নগাঁৱত উপস্থিত হয় ৰাজ্যপাল গৰাকী । নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সমাৱৰ্তনত ৰাজ্যপাল জগদীশ মুখীয়ে সভাপতিত্ব কৰাৰ লগতে ডিগ্ৰীসমূহো প্ৰদান কৰে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকা , পঞ্জীয়ক ডঃ দিনমণি ঠাকুৰীয়া আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা এই সমাৱৰ্তনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অধ্যাপক তথা সাহিত্যিক ডঃ নগেন শইকীয়াই ।

নগাঁৱৰ পৰা আদিল শ্বাহ গুৱাহাটী টাইমচ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.