100 মহৎ লোকৰ বাণী | মহৎ লোকৰ মহান বাণী

100 মহৎ লোকৰ বাণী | মহৎ লোকৰ মহান বাণী

মহৎ লোকৰ বাণী

প্ৰৌঢ়ই সকলোকে বিশ্বাস কৰে,
মাজবয়সীয়াই সকলোকে সন্দেহৰ চকুৰে চায় আৰু
তৰুণে জানে সকলোখিনিয়েই।
( অক্সাৰ ৱাইল্ড )

সাফল্যৰ উচ্চতম শৃংগত যদি আৰোহণ কৰিবলৈ ইচ্ছা কৰিছা,
তেন্তে নিম্নতম পৰ্যায়ৰ পৰা সাধনা আৰম্ভ কৰা।
( ছাইৰাছ )

আপুনি পূৰুষেই হওক বা মহিলাই হওক,
এই পৃথিৱীত সাহসৰ অবিহনে একোৱেই কৰিব নোৱাৰে।
সন্মানৰ পিছত সাহসেই হ’ল শ্ৰেষ্ঠ মানৱ প্ৰমূল্য।
( জেম্ছ এলেন )

মানুহৰ সাহস অনুপাতে জীৱনৰ বিস্তৃতি ঘটে বা
জীৱন সংকুচিত হয়। সাহসেই সফলতাৰ চাবি – কাঠী।
( এনিছ নিন্ )

সভ্যতাৰ লক্ষ্য হ’ল ৰাজনীতিক অন্তঃসাৰ কৰি তোলা
আৰু বিজ্ঞান – কলাক জীনৱৰ অবিচ্ছেদ্য অংগ কৰি তোলা।
( আৰ্থাৰ চিঞ্জলা )

কেনেকৈ প্ৰত্যাখান কৰিব লাগে
তাক জনাতো কেনেকৈ সন্মতি জনাব লাগে,
তাৰ পমানে গুৰুত্বপূৰ্ণ।
( বাল্টাজাৰ গ্ৰেছিয়ান )

তুমি যদি এখন জাহাজ নিৰ্মাণ কৰিব খুজিছা,
তেন্তে কাঠৰ শক্তিৰ হিচাপ লোৱাৰ আগতে লোৱাৰ আগতে
সাগৰৰ বিশালতা আৰু ভয়াৱহতালৈ দৃষ্টি দিয়া উচিত।
( এন্টইন দ্য ছেইন্ট )

সুখী হোৱাৰ প্ৰাথমিক চিন্তানো কি ?

মোৰ মতে মানুহজন আচলতে যি, সেয়া হ’বলৈ ইচ্ছা কৰাই হ’ল
সুখী হোৱাৰ আৱশ্যকীয় চৰ্তসমূহৰ প্ৰথমটো।
( ইৰাছমাছ )

বিশ্বব্ৰক্ষ্মাণ্ড আৰু মানুহৰ মুৰ্খামি – এই দুযোতাই হ’ল অসীম।
এই দুই অসীমৰ ভিতৰত প্ৰথমটো বিষয়ত মোৰ স্পষ্ট ধাৰণা নাই।
( এলবাৰ্ট আইনষ্টাইন )

কাইলৈৰ কথা নাভাবিবা,
দৃষ্টি নিবদ্ধ কৰা কেৱল আজিৰ দিনটোৰ ওপৰত।
আজিৰ দিনটোৰ পৰম বিস্ময়েই তোমাৰ কাৰণে যথেষ্ট।
( খলিল জিব্ৰান )

নিজৰ বিষয়ে ভবাটো কেতিয়াও অপৰাধ হ’ব নোৱাৰে।
মই এটা কথা সদায় জানোঁ, প্ৰকৃততে নিজৰ বিষয়ে নভবা
মানুহজনে একোকেই নাভাবে।
( অস্কাৰ ৱাইল্ড )

আমি যি জানোঁ,
সেইখিনি ঝাঁনো বুলি জনা আৰু আমি নাজানোঁ,
তাক নাজানোঁ বুলি জনাটোৱেই হ’ল প্ৰকৃত জ্ঞান।
( থৰো )

কোনোদিনে প্ৰলোভনৰ সন্মুখীন নোহোৱালৈকে তেওঁনো কিমান অসত,
সেয়া কোনোদিনেই বুজি নাপায়।
( জৰ্জ বিলিঙ্ছ )

যি মানুহে নিজৰ অকৃতকাৰ্যতাৰ কাৰণে আনক দোষাৰোপ কৰে,
তেনে মানুহে নিজৰ কৃতকাৰ্যতাৰ কাৰণেও
আনকেই কৃতিত্ব দিয়া উচিত।
( হাৱাৰ্ড নিউটন )

ব্যক্তিগত নীৰৱতাৰ মাজত আৰু
সিয়েই নিঃসংগতা সহ্য কৰিবলৈ আমাক শক্তি দিয়ে।
( ভি . এছ . প্ৰিছেত )

ম্ৰতা সজ ব্যৱহাৰৰ অনুমান।
( সত্যনাথ বৰা )

জ্ঞানৰ শেষ পৰীক্ষা প্ৰমাণ বা যুক্তিৰ সন্ধান নহয়,
বিশ্বাস কৰিবলৈ শিকাই হ’ল তাৰ বুনিয়াদ।
( কালাৰ্ইল )

মনত কিবা ক্ষোভ থকা মানেই জীৱনৰ
কিবা এটা উদ্দেশ্য থকা।
( এৰিক হফাৰ )

সত্য – সুন্দৰৰ বোলে সনা জীৱন – অভিজ্ঞতা
প্ৰকাশেই সাহিত্য।
( ড মহেন্দ্ৰ বৰা )

পৰিশ্ৰমেৰে সকলোৰে মন জয় কৰিব পাৰি।
( হোমাৰ )

দুৰ্ভাগ্য পাখি মেলি উৰি আহে আৰু খোজ কাঢ়ি গুচি যায়।
( এইচ . জি . বন )

পাপক ঘৃণা কৰিবা কিন্তু পাপীক ঘৃণা নকৰিবা।
( ষীশুখ্ৰীষ্ট )

নিজক আৰু পৃথিীখনক ভাল পাবলৈ শিকাতো হ’ল
জীৱনজোৰা এক প্ৰেম – কাহিনীৰ মধুৰ আৰম্ভণি।
( অক্সাৰ ৱাইল্ড )

আপুনি সন্মান কৰা মানুহজন মোক দেখুৱাই দিয়ক,
আপুনি কেনেধৰণৰ মানুহ মইআপোনাক জনাই দিম।
( থমাছ কাৰ্লাইন )

বন্ধুক সদায় এখন ছবিৰ দৰে ভাবিবা,
ছবি এখন চাবলৈ যেনেদৰে উপযুক্ত পোহৰৰ দৰকাৰ,
তেনেদৰে বন্ধুকো উপযুক্ত ধৰণে চাবা।
( জেনি জেৰম চাৰ্চিল )

একমাত্ৰ প্ৰতিকাৰহীন চৰম নৈৰাশ্যৰ ভেটিতহে
আত্মাৰ আৱাস আৱাস নিৰাপদভাৱে নিৰ্মাণ কৰিব পাৰি।
( বাট্ৰাণ্ড ৰাছেল )

পৃথিৱীত যি যি মহত কাৰ্য সংঘটিত হৈছে,
সকলোখিনিয়েই সম্ভৱ হৈছে প্ৰত্যাখাৰ দ্বাৰাহে।
( মাৰ্টিন লুঠাৰ )

জীৱনত কোনো সুোগ – সুবিধা নাপালোঁ বুলি কোনো মহত লোকে
আপত্তি কৰাৰ উদাহৰণ নাই।
( আৰ . ডব্লিউ . এমাৰছন )

জীৱাই থকাৰ বাবে পৃথিৱীখন অতি ভয়াৱহ ঠাই,
এয়া অসত মানুহৰ বাবে হোৱা নাই, হৈছে নিবনুৱা সকলৰ বাবেহে।
( আইনষ্টাইন )

তোমাৰ অন্তৰৰ পৱিত্ৰখিনি তোমাৰ মুখাৱয়বত ফূুটি উঠে।
অন্তৰ পৱিত্ৰ কৰি ৰখাই হ’ল আত্মা আৰু শৰীৰৰ বাবে প্ৰথম কৰণীয়।
( চেইন্ট জে’ৰম )

কোনো এঠাইৰ অন্যায় নহয়,
সকলো ঠাইৰ ন্যায়ৰ প্ৰতি এক ভাবুকি।
( মাৰ্টিন কিং লুথাৰ )

এখন ভাল কিতাপ আপোনাৰ সৰ্বোত্তম বন্ধু আজিৰ নহয়, চিৰদিনৰ বাবে।
( মাৰ্টিন টুপাৰ )

বন্ধুত্ব বোলা বস্তু জমা ধনৰ দৰে,
ব্যৱহাৰ নকৰিলেহে সি উচ্চ শিখৰ পায়।
( এলবাৰ্ট হাৱাৰ্ড )

এজন শিক্ষকে কৰিব নোৱৰা কাম এগৰাকী আদৰ্শ মাতৃয়ে
অকলেই কৰিব পাৰে।
( জৰ্জ হাবাৰ্ট )

ইতিহাস হ’ল অতীতৰ ৰাজনীতি আৰু
ৰাজনীতি হ’ল বৰ্তমানৰ ইতিহাস।
( এডমাণ্ড বাৰ্ক )

যি মানুহে নিজে শ্ৰদ্ধা বিচাৰি ফুৰে,
তেওঁক শ্ৰদ্ধা কৰাতো অসম্ভৱ হৈ পৰে।
( ভঙেনাগৰ্ছ )

মানুহ এজনক তেওঁৰ উত্তৰৰ দ্বাৰা নহয়,
তেওঁৰ প্ৰশ্নৰ দ্বাৰাহে বিচাৰ কৰিব লাগে।
( ভলটেয়াৰ )

অধ্যয়নে এজন মানুহক সম্পূৰ্ণ মানৱ হিচাপে গঢ়ি তোলে।
( ফ্ৰান্সিচ বেকন )

সাংস্কৃতিক দৃষ্টিভংগীৰ অবিহনে এজন ব্যক্তি
কেতিয়াও সুখী হ’ব নোৱাৰে।
( শীলভদ্ৰ )

শিক্ষকসকলক সমাজৰ জাগ্ৰত পহৰী বুলি কোৱা হয়।
( ব্ৰাৰ্ট্ৰাণ্ড ৰাছেল )

আমি দুখীয়া হ’ব পাৰোঁ,
কিন্তু যাতে অসত নহও তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।
( মাও জে দং )

ভুলকৈ জনাতকৈ একো নজনাই ভাল।
( শ্বেইক্সপীয়েৰ )

প্ৰথমে বিষয়তো বুজি লোৱা,
শব্দবোৰ আপোনা – আপুনি ওলাই আহিব।
( কেটো )

মানুহৰ ভূল – ভ্ৰান্তিৰ পৰা চৰিত্ৰ জানিব পাৰি।
( কনফুচিয়াচ )

তোমাৰ যদি আত্মবিশ্বাস আছে তেন্তে লোকৰ
সন্দেহলৈ ভয় নকৰিবা।
( ৰুদয়াৰ্ড কিপলিং )

নিজ মাতৃক অৱহেলা কৰি দেশ মাতৃক সেৱা
কৰাৰ গেষ্টা ভণ্ডামি মাথোন।
( তৰুণ ৰাম ফুকন )

আত্মশক্তিৰে আত্মৰক্ষা নকৰিলে আন কোনেও
আপোনাক ৰক্ষা কৰিব নোৱাৰে।
( অম্বিকাগিৰী ৰায়চৌধুৰী )

সোণৰ দ্ৰাবক সুৱগা, কামৰ দ্ৰাবক অভ্যাস।
( সত্যনাথ বৰা )

ব্যাপক জ্ঞান নথকা লোকৰ হাতত
বিদ্যাৰ ক্ষমতা পৰা অনুচিত।
( গুনাভিৰাম বৰুৱা )

অপ্ৰয়োজনত পশুৱে আন পশুৰ পৰা বিৰত থাকে।
( স্বামী বিবেকানন্দ )

তুমি যেতিয়া যন্ত্ৰণা ভোগ কৰা,
তেতিয়া ঈশ্বৰক ধন্যবাদ দিবা, কাৰণ
য়ন্তৰণা হ’ল জীৱাই থকাৰ নিশ্চিত লক্ষণ।
( এলবাৰ্ট হুবাৰ্ড )

যি জাতিৰ সাহিত্য নাই সেই জাতি জীৱাই থাকিও মৰাৰ দৰে।
( তুলসী দাস )

জীৱনত কি কৰিব, সেয়া বুজি নোপোৱা সাধাৰণ লোকেহে
আন এটা জন্ম কামনা কৰে।
( আনাটোলে ফ্ৰান্স )

তোমাৰ গোপনীয়তা যদি আনে ৰক্ষা কৰাতো বিচাৰা,
তেন্তে প্ৰথমে নিজে গোপনীয়তা ৰক্ষা কৰি চলাতো প্ৰয়োজন।
( চানক্য )

অতি জ্ঞানীজনে সদায় নিজৰ পথ নিজে নিৰ্ধাৰন কৰে।
( ইউৰিডিছ )

যি মানুহে নিজে শ্ৰদ্ধা বিচাৰি ফুৰে,
তেওঁক শ্ৰদ্ধা কৰাতো অসম্ভৱ হৈ পৰে।
( ভঙেনাগৰ্ছ )

মানুহ এজনক তেওঁৰ উত্তৰৰ দ্বাৰা নহয়,
তেওঁৰ প্ৰশ্নৰ দ্বাৰাহে বিচাৰ কৰিব লাগে।
( ভলটেয়াৰ )

মানুহৰ এই জীৱন অনন্ত আৰু প্ৰেম অমৰ ৷
কিন্তু মৃত্যু ? আমাৰ দৃষ্টিৰে ঢুকি পোৱা দিগন্তই হ’ল মৃত্যু ৷
( ৰজিটাৰ ৰেমণ্ড )

অসমীয়া জাতিৰ প্রতিভা ভাগ্যৰ জাপৰ তলত লুকাই আছে।
সুযোগ আৰু সুবিধা পালেই এদিন সি ভমকাই উঠিব।
( চন্দ্ৰকুমাৰ আগৰৱাল )

অখণ্ড সুখ যি এটা ৰাতিপুৱাৰ পৰা আন এটা ৰাতিপুৱালৈ স্থায়ী হয়।
তেনে সুখ মই সহ্য কৰিব নােৱাৰাে।
( এন্টন চেখভ )

আনক ঘৃণা কৰাতো এন্দুৰৰ পৰা ৰক্ষা পাবলৈ
নিজৰ ঘৰ জ্বলাই দিয়াৰ লেখীয়া।
( হেৰী এমাৰছন )

এটোপাল চীয়াহিয়ে লাখ লাখ লোকৰ চিন্তাৰ বাট খুলি দিব পাৰে।
( বাইৰন )

বতাহৰ বীপৰীতে চিলাই আটাইতকৈ ওপৰলৈ উৰে,
বতাহৰ লগত নহয়।
( উইনষ্টন চাৰ্চিল )

সদায় মনত ৰাখিবা – ভ্ৰাতৃ কেতিয়াবা ব ন্ধু নহ’বও পাৰে,
কিন্তু বন্ধু সদায়েই ভ্ৰাতৃ।
( ৰেন ফ্ৰেংকলিন )

আপোনাৰ দৈন্দনিন জীৱনেই আপোনাৰ
মন্দিৰ আৰু আপোনাৰ ধৰ্ম।
( খলিল জিব্ৰান )

অজ্ঞতা লুকুকাই ৰাখিব পৰাটোৱেই হ’ল জ্ঞানীৰ পৰীক্ষা।
( ফ্ৰেঞ্চিছ কোৱেল )

মানুহ পৰিস্থিতিৰ সৃষ্টি নহয়,
পৰিস্থিতিয়েহে মানুহৰ সৃষ্টি কৰে।
( বেঞ্জামিন ডিজৰেলী )

বিৰহৰ এটোপাল চকুলাে মিলনৰ হাজাৰ আনন্দতকৈ মহান।
( মাইকেল এঞ্জেলাে )

যি মানুহে আনৰ বিষয়ে ভাল-বেয়া একো নকয় তেৱেঁই সুখী মানুহ।
( জেফাৰচন )

যিয়ে আনক নিয়ন্ত্রণ কৰে তেওঁ শক্তিশালী,
যিয়ে নিজক নিয়ন্ত্রণ কৰিব পাৰে তেওঁ আৰু বেছি শক্তিশালী।
( লাওচু )

ব্যৱসায় তেলৰ দৰে,
ই ব্যৱসায়ৰ বাহিৰে কাৰোৰো লগত মিহলী নহয়।
( জে . গ্ৰাহাম )

প্ৰতিভা নীৰৱে বিকশিত হয়,
কিন্তু চৰিত্ৰ গঠন হয় মানুহৰ ভিৰত।
( গ্যেটে )

এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই৷ সচাঁকৈয়ে,
তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ ?
( এমাৰ্চন )

নীৰৱতা হ’ল জীৱনৰ এক অমূল্য বস্তু,
যাৰ ভিতৰত বহু বস্তুৱে জন্মলাভ কৰে।
( থমাছ কাৰ্লাইল )

জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ’বলৈ শিকা।
( জুলিয়েট বেষ্টিয়েনা )

সকলাে অংকৰ যােগফলৰ যােগফলেই হ’ল অনন্তকাল।
( লুক্রেটিয়াচ )

শিক্ষক হৈছে এডাল মমবাতি যি নিজে জ্বলি আনক পােহৰ দিয়ে।
( প্লেটো )

অভিজ্ঞতাৰ ওপৰত প্রতিষ্ঠিত হ’লেও সাহিত্য বাস্তৱতে
অভিজ্ঞতাৰ ‘কেটলগ’ বা যাদুঘৰ নহয়।
নির্বাচন কৌশল, কল্পনা আৰু ৰীতিৰ সহায়েৰে অভিজ্ঞতাৰ
কেঁচা সঁজুলি গঢ়ি পিটি ল’লেহে প্রকৃত সৃষ্টি হয়।
( কৃষ্ণকান্ত সন্দিকৈ )

যিকোনাে বস্তু এটা ঘোঁৰাৰ মৃত্যুৰ পৰা আৰম্ভ কৰি এগৰাকী গাভৰুৰ প্রথম প্রেমলৈকে,
এটা ফুলৰ পাপৰি মেল খােৱাৰ পৰা আৰম্ভ কৰি এটা প্রচণ্ড ভূমিকম্পলৈকে
সূৰ্যৰ পােহৰত দেখা প্রতিটো বস্তুৱেই চুটি গল্পৰ বিষয় হ’ব পাৰে।
( বেটছ )

হতাশাক আশ্ৰয় নিদিবা,
এবাৰ প্ৰশ্ৰই দিলেই ই তোমাৰ অংগ হৈ পৰিব।
( ছিডনী স্মিথ )

গৰ্বিতৰ ভগৱান নাই,
ঈৰ্ষাপৰায়নৰ কোনো চুবুৰীয়া নাই,
খঙাল লোকৰ নিজৰ কোনো অস্তিত্বও নাই।
( হল )

নজনাটো লাজৰ কথা নহয়,
শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা।
( বেঞ্জামিন ফ্ৰেংকলিন )

ঈশ্বৰৰ প্ৰতি মোৰ জনাবলগীয়া মিনতিটো অতি সাধাৰণ আৰু সংক্ষিপ্ত।
সেয়া হ’ল – হে ঈশ্বৰ, মোৰ শত্ৰুসকলক
হাঁহিয়াতৰ প্ৰাত্ৰ কৰি তোলা।
( ভলটেয়াৰ )

পুতি থোৱা শস্য গজিব পাৰে,
কিন্তু বিপথে যোৱা প্ৰতিভাৰ পুনৰ্জন্ম নহয়।
( ৰজাৰ বেকেন )

এজন মানুহক ওৰে জীৱন ধৰি প্ৰশ্ন কৰিবলৈ শিকোৱাতো
হ’ল শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য।
( বিছপ মেণ্ডেল ক্ৰিটন )

যি সাফল্যৰ প্রতিক্রিয়া পিছলৈ বেয়া হয় সেই সাফল্য পৰাজয়ৰ সমতুল্য।
( ৰক ফাউকুড )

সর্ব সাধাৰণৰ মঙ্গলেই শিক্ষাৰ মুখ্য উদ্দেশ্য হােৱা উচিত।
প্রত্যেকেই নৈতিক উন্নতি কৰিব পৰা শিক্ষা লাভ কৰক।
শিক্ষা সমাজৰ আদিমূল।
ই মানুহক চিন্তা, জ্ঞান আৰু কৰ্ম নিপুণ কৰাত সহায় কৰে।
শিক্ষা হৈছে, সঞ্জীৱনী অমৃত সদৃশ।
নিৰক্ষৰতাই জীৱনৰ কাঁইটীয়া বাট।
( ড° জাকিৰ হুচেইন )

বিদ্যালয় এখন কৃত্রিম সমাজ,
যত সমাজৰ মঙ্গলজনক আৰু গুৰুত্বপূর্ণ দিশটোহে প্রতিফলিত হয়।
( পাৰ্চিনান )

শত্ৰুৰ ভুৱা চুম্বনতকৈ বন্ধুৰ আঘাতেই বেছি ভাল।
( থমাচ বেজেট )

সমাজৰ আটাইতকৈ বেছি আশা হৈছে ব্যক্তিগত চৰিত্ৰ।
( চেনিভ )

মৃত্যুৱেই জীৱনৰ আটাইতকৈ ডাঙৰ ক্ষতি নহয়,
জীয়াই থাকোতেই যিটো ভিতৰতে মৰি শেষ হয়
সেইটোৱে আটাইতকৈ ডাঙৰ ক্ষতি।
( নর্মান কাজিন্স )

কেৱল শব্দইহে সমাজখনক ঐক্যবদ্ধ কৰি ৰাখে।
( এচ, চাছে )

বেয়া কামৰ স্বীকাৰৰোক্তিয়েই হ’ল ভাল কাৈমৰ আৰম্ভণী।
( ছেইন্ট অগষ্টাইন )

প্ৰথমে আনক সুখী কৰি নিজে সুখী হোৱাই হ’ল সুখী
হোৱাৰ আটাইতকৈ সহজ উপায়।
( ৰালফ ইন্গাৰছ ‘ল )

এটা ভাষাৰ সাহিত্য কর্মত যিমানেই অন্য ভাষাৰ প্ৰভাৱ থাকে সিমানেই অনুসৃষ্টি থাকে,
সিমানেই সেই সাহিত্য উন্নত হয়।
( কবীন ফুকন )

কমকৈ খােৱা, শান্ত হৈ থকা আৰু আনন্দপূর্ণ জীৱন যাপন কৰা।
এই তিনিটাই হ’ল পৃথিৱীৰ সর্বশ্রেষ্ঠ চিকিৎসক।
( জোনাথন চুইফথ )

ভাযা হ’ল সৃষ্টিৰ পাছত ভগৱানে মানুহক দিয়া প্ৰথমটো উপহাৰ।
( ন ‘ৱা ৱেবষ্টাৰ )

ভৱিষ্যত সেইসকলৰেই,
যিয়ে নিজৰ স্বপ্নৰ সৌন্দৰ্যত গভীৰভাৱে বিশ্বাস ৰাখে।
( ইলিয়েনৰ ৰুজভেল্ট )

সকলো জ্ঞানেই আমাক অজ্ঞতাৰ কাষলৈ টানি নিয়ে।
( টি . এছ . ইলিয়ট )

সৰল জীৱনৰ পুৰস্কাৰ জীৱনটোৱেই।
( জৰ্জ চান্টায়ন )

GTM Desk