গুৱাহাটীৰ কাহিলিপাৰাৰ ৰাজপথত দাওদাওকৈ জ্বলিল ১০৮ এম্বুলেন্স, প্ৰাণৰক্ষা ৰোগীৰ

গুৱাহাটীৰ কাহিলিপাৰাৰ ৰাজপথত দাওদাওকৈ জ্বলিল ১০৮ এম্বুলেন্স, প্ৰাণৰক্ষা ৰোগীৰ

আজি দিনৰ প্ৰায় ১১.১৫ বজাত গণেশগুৰি-কাহিলিপাৰা পথৰ ছাই মন্দিৰৰ নিচেই কাষত জ্বলি উঠে এখন ১০৮ এম্বুলেন্স। ৰোগী নি থকা অৱস্থাত ইঞ্জিনৰ পৰা ধোঁৱা ওলোৱাত লগে লগে গাড়ীখন পথৰ কাষত ৰখাই ৰোগীক গাড়ীৰ পৰা নমাই দিয়া হয়।

ইয়াৰ কিছু সময় পিছতে দাওদাওকৈ জ্বলি উঠে এম্বুলেন্সখন। প্ৰায় ১৫ মিনিটজুৰি জ্বলা ১০৮খনৰ টায়াৰ আৰু অক্সিজেন চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটাত জুইৰ লেলিহান শিখাই ওপৰেৰে যোৱা বিদ্যুতৰ তাঁৰ স্পৰ্শ কৰে। এনে এক পৰিস্থিতিত আতংকময় পৰিৱেশৰ সৃষ্টি হয় পথটোত।

শেষত অগ্নি নিৰ্বাপক বাহিনীৰ দুখন গাড়ীয়ে জুই নিৰ্বাপন কৰাৰ পিছতহে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। উক্ত সময়ত তীব্ৰ যান-জঁটত পৰে যান-বাহনসমূহ।

উল্লেখ্য, ৰোগীগৰাকীক ১০৮ৰ চালকে নিৰাপদে হাস্পতাললৈ লৈ যায় বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে যান্ত্ৰিক বিজুতিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে |
Source – Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.