দশম সদৌ অসম স্পীড স্কেটিং প্রতিযোগিতাৰ সফল সামৰণি

1 min read

দশম সদৌ অসম স্পীড স্কেটিং প্রতিযোগিতাৰ আজি সফল সামৰণি পৰে। অসম বোলাৰ স্কেটিং সংস্থাৰ উদ্যোগত গুৱাহাটীৰ দিছপুৰ স্কেটিং ৰিংকত অনুষ্ঠিত এই প্রতিযোগিতাত ২৩ টা স্বৰ্গ, ১১ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ পদকেৰে গুৱাহাটী চেম্পিয়ন হোৱাৰ বিপৰীতে ডুলীয়াজান জিলাই ১৪ টা স্বৰ্ণ, ৭টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদকেৰে দ্বিতীয় আৰু কামৰূপ (মহানগৰ) জিলাই ৮ টা স্বর্ণ, ১১ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদকেৰে তৃতীয় স্থান দখল কৰে।

দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই প্রতিযোগিতাত কালিৰ উদ্বোধনী অনুষ্ঠানত অসম বিজেপি যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা, উপ-সভাপতি ত্রিদিব মৰাণ, ক্রীড়া ভাৰতীৰ মনোজ মহান্তি, অভিনেতা প্রসেনজিৎ বৰা, নিৰ্মালী বৰা প্ৰমুখ্যে উপস্থিত থাকে।

আনহাতে আজিৰ সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, অভিনেত্রী আইমী বৰুৱা, অসম ৰ’লাৰ স্কেটিং সংস্থাৰ সম্পাদক অনুপম শর্মা, অসম স্কেটিং বৰ্ডিং সংস্থাৰ সভাপতি বিকাশ আগৰৱালা, লঘু উদ্যোগ ভাৰতীৰ সভাপতি মনোজ লোন্দিয়া, স্পৰ্টছ অথোৰিটী অসমৰ বিষয়া সঞ্জীৱ গগৈ, অসম ৰ’লাৰ স্কেটিং সংস্থাৰ সহকাৰী সম্পাদক দুলাল গোহাঁই আৰু কোষাধ্যক্ষ মানৱ মেধি ইত্যাদি।

You May Also Like

More From Author