27.6 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

শ্বাহদাৰাৰ দলবদ্ধ ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ ১১ গৰাকী

Assamese Newsশ্বাহদাৰাৰ দলবদ্ধ ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ ১১ গৰাকী

দেশৰ ৰাজধানীত সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে । প্ৰথমে এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ তাৰ পাছত মুখত ক’লা ৰঙ সানি মুণ্ডন কৰি ডিঙিত জোতাৰ মালা পিন্ধাই ৰাস্তাত পেৰেড কৰাইছিল একাংশ দানৱৰূপী লোকে । দিল্লীৰ শ্বাহদাৰা জিলাৰ কস্তুৰবা নগৰত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা এই ঘটনা।

ভুক্তভোগী মহিলাগৰাকীৰ ভগ্নীয়ে জনোৱা মতে ওচৰৰে এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মহিলাগৰাকীৰ । কিন্তু লক্ষণীয়ভাৱে যুৱকজনে বিগত বছৰৰ নৱেম্বৰ মাহত আত্মহত্যা কৰিছিল । ভগ্নীয়ে জনোৱা মতে মৃত যুৱকজনৰ মৃত্যুৰ বাবে তেওঁৰ পৰিয়ালে মহিলাগৰাকীক দোষাৰোপ কৰিছিল ।

শ্বাহদাৰাৰ উপ আৰক্ষী আয়ুক্ত আৰ সাথিয়াসুন্দৰমে কোৱা মতে ব্যক্তিগত শত্ৰুতাৰ বাবে এগৰাকী মহিলাৰ ওপৰত যৌন নিৰ্যাতন চলোৱা এক দুৰ্ভাগ্যজনক ঘটনা । ইতিমধ্যে কেইবাগৰাকী অভিযুক্তক আটক কৰা হৈছে আৰু ভুক্তভোগীক সকলো সম্ভৱ সহায় আৰু পৰামৰ্শ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!