৩ শতাধিক প্ৰাক্তন আছু কৰ্মীৰ বিজেপিত যোগদানৰ প্ৰস্তুতি

৩ শতাধিক প্ৰাক্তন আছু কৰ্মীৰ বিজেপিত যোগদানৰ প্ৰস্তুতি

প্ৰায় ৩ শতাধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীৰ বিজেপিত যোগদানৰ বাবে যো-যা চলাইছে। উল্লেখ্য যে, শেহতীয়াকৈ হৈ যোৱা আছুৰ অধিবেশনৰ পিছত এনে সিদ্ধান্ত গ্ৰহণ কৰে প্ৰাক্তন আছু নেতা কৰ্মীসকলে।

সোমবাৰে প্ৰাক্তন আছু নেতা দিব্য জ্যোতি মেধিৰ নেতৃত্বত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে আছুৰ এচাম প্ৰতিনিধি দলে। জানিব পৰামতে, আছুৰ অন্তঃকন্দলক লৈ অসন্তুষ্ট হৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰাক্তন আছু নেতা কৰ্মীসকলে। উল্লেখ্য যে, যোৱা ২১ নৱেম্বৰত আছু ত্যাগ কৰিছিল এই নেতা কৰ্মীসকলে।

Shahnawaz Hamza

Related