তিনি বছৰীয়া সন্তানসহ বিবাহিতা মহিলা সন্ধানহীন…

তিনি বছৰীয়া সন্তানসহ বিবাহিতা মহিলা সন্ধানহীন…

চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিমেনমুখ অঞ্চলৰ চিমেন বালি গাঁৱত এগৰাকী বিবাহিতা মহিলা সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে চিলাপথাৰ চিমেন বালি গাঁৱৰ ধনঞ্জয় টাইডৰ পত্নী বুলবুলি টাইডে 13 ডিচেম্বৰৰ পুৱা 3 বছৰীয়া কন্যা সন্তানক লৈ বেংকলৈ বুলি ওলাই যোৱাৰ পিছত আজি পৰ্যন্ত মহিলাগৰাকী সন্ধানহীন হৈ আছে ৷

স্বামীৰ লগতে পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিও কোনো শুং-সুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই মহিলাগৰাকীৰ ৷ উপায়ন্তৰ হৈ স্বামী ধনঞ্জয় টাইডে ডিমৌ তহলদাৰি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও মহিলাগৰাকীৰ সন্ধান উলিয়াব পৰা নাই ৷

পত্নীৰ লগতে কণমানি সন্তানটিৰ অনুপস্থিতিত দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া ধনঞ্জয় টাইডৰ জীৱনলৈ অমানিশা নামি আহিছে ৷ পৰিয়ালৰ লোকৰ লগতে স্বামী ধনঞ্জয় টাইডে কোনো সদাশয় ব্যক্তিয়ে এই মহিলাগৰাকীৰ সন্ধান পালে 9957965551/ 9387035926 নম্বৰত জনাবৰ বাবে অনুৰোধ জনাইছে ৷

GTM Desk