১৪খন জেচিবি–৩০ ট্রেক্টৰেৰে ১,৫০০ আৰক্ষী–চিআৰপিয়ে বেদখলমুক্ত কৰিলে ৪,৫০০ বিঘা ভূমি

0 min read

অৱশেষত ছিপাঝাৰৰ ধলপুৰত চলিল প্রশাসনৰ বুলেডজাৰ৷ ব্রহ্মপুত্রৰ চৰ–চাপৰি এলেকাৰ ১নং আৰু ৩নং ধলপুৰত প্রশাসনে আজি উচ্ছেদ অভিযান চলাই প্রায় ৪,৫০০ বিঘা ভূমি বেদখলমুক্ত কৰে৷ আনহাতে, উচ্ছেদ অভিযানৰ সময়ছোৱাত উক্ত ঠাইত অবৈধভাৱে ঘৰ–দুৱাৰ সাজি বসবাস কৰা প্রায় আঠশ পৰিয়ালৰ ঘৰ–দুৱাৰ জে চি বি আৰু ড্রেক্টৰেৰে ভাঙি প্রশাসনে খালী কৰে উক্ত ভূমি৷ কেৱল ঘৰ–দুৱাৰেই নহয়, বেদখলকাৰীৰ কবলত থকা কৃষিভূমিও বেদখলমুক্ত কৰা হয় সোমবাৰৰ উচ্ছেদ অভিযানত৷ দৰং জিলা প্রশাসনে চলোৱা এই উচ্ছেদ অভিযানত মুক্ত হোৱা ভূমি ব্যৱহাৰ কৰা হ’ব অসম চৰকাৰে ইতিমধ্যে গ্রহণ কৰা গৰুখুঁটি কৃষি প্রকল্পৰ কৃষিকার্যত৷

উল্লেখ্য যে ছিপাঝাৰৰ দক্ষিণ অঞ্চলৰ ব্রহ্মপুত্রৰ চৰ–চাপৰি এলেকাত কেইবাহাজাৰ বিঘা ভূমি আছে বেদখলকাৰীৰ কবলত৷ ২০১৩ বর্ষত চৰকাৰীভাৱে প্রকাশ পোৱা তথ্যত বৃহত্তৰ চৰ এলেকাটোত ৭৭,৪২০ বিঘা ভূমি বেদখল হৈ থকা বুলি প্রকাশ পাইছিল যদিও ইতিমধ্যে বহু হাজাৰ বিঘা ভূমি ব্রহ্মপুত্রৰ বুকুত জাহ যোৱাৰ ফলত চৰ এলেকাটোত ত্রিশৰ পৰা চল্লিশ হাজাৰ বিঘা ভূমি বেদখল হৈ থকা বুলি শেহতীয়াকৈ চৰকাৰী জৰীপত প্রকাশ পাইছে৷ লক্ষণীয় যে এই বৃহৎ চৰ এলেকাটোত এটা সময়ত গৰুখুঁটিকে ধৰি দৰং জিলাৰ দক্ষিণ অঞ্চলৰ লোকে কৃষিকর্ম কৰিছিল৷ কিন্তু এডেও দুডেওকৈ বিভিন্ন ঠাইৰ একাংশ সন্দেহযুক্ত লোক আহি উক্ত স্থানত ঘৰ–দুৱাৰ সাজি স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰে পৰা ছিপাঝাৰৰ এই বেদখলকাৰীৰ সমস্যাটোৱে লয় জটিল ৰূপ৷ ১৯৮০ চনমানলৈ উক্ত অঞ্চলৰ বেছিভাগ ভূমিয়েই মুক্ত হৈ আছিল৷ পৰৱর্তী সময়ত মঙলদৈৰ চৰ, বাঘবৰ, বৰপেটা আদি ঠাইৰ মানুহেৰে ভৰি পৰে চৰ অঞ্চলটো৷ আনকি ১৯৯৪ চনতে কেইবাটাও পৰিয়ালক ভূমি আবণ্টন দিয়া বাবে চৰকাৰে প্রচেষ্টাও গ্রহণ কৰিছিল যদিও খিলঞ্জীয়া বিভিন্ন দল–সংগঠনৰ প্রতিবাদৰ বাবে অন্তিম মুহূর্তত বাতিল হৈছিল এই প্রক্রিয়া৷ ইফালে কংগ্রেছ চৰকাৰৰ দিনত বেদখলীকৃত চৰকাৰী ভূমিত বিভিন্ন চৰকাৰী আঁচনিও ৰূপায়ণ কৰি সমস্যাটো অধিক জটিল কৰি তুলিছিল৷

অৱশ্যে ভাৰতীয় জনতা পার্টীৰ পূর্বৰ চৰকাৰৰ কালছোৱাত দুবাৰকৈ উচ্ছেদ অভিযান হাতত লৈছিল যদিও উচ্ছেদৰ পাছত মুক্ত হোৱা ভূমি প্রশাসনৰ শিথিল নীতিৰ বাবেই কিছুদিন পাছত পুনৰ বেদখল হৈছিল৷ কিন্তু শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দায়িত্বভাৰ লৈয়েই ধলপুৰত উপস্থিত হৈ ধলপুৰ শিৱ মন্দিৰৰ উন্নয়নৰ ব্যৱস্থা কৰাৰ লগতে ধলপুৰক কেন্দ্র কৰি এক কৃষি প্রকল্পও ঘোষণা কৰিছিল৷আনকি চৰকাৰৰ প্রস্তাৱিত ‘গৰুখুঁটি কৃষি প্রকল্প’ৰ বাবে বিধায়ক পদ্ম হাজৰিকাক অধ্যক্ষ হিচাপে লৈ এখন সমিতিও গঠন কৰি দি ইতিমধ্যে বাজেটত ৯–৬০ কোটি টকাও নির্ধাৰণ কৰা হৈছে৷ বিগত ৭ জুনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ধলপুৰ ভ্রমণৰ পাছতে যেন সমগ্র বিষয়টোৱে লাভ কৰে নতুন মাত্রা৷ এক সংগঠিত কৃষি বিপ্লৱৰ জৰিয়তে নিবনুৱা যুৱক–যুৱতীৰ আত্মসংস্থাপনৰ বাবে মুখ্যমন্ত্রীগৰাকীয়ে গ্রহণ কৰা সুদূৰপ্রসাৰী পদক্ষেপক সর্বস্তৰৰ লোকে আদৰণি জনায় আৰু চৰ–চাপৰিৰ বেদখলীকৃত ভূমি কৃষি প্রকল্পৰ আওতালৈ আনিবলৈ আহ্বান জনায়৷

লক্ষণীয় যে বিধায়ক পদ্ম হাজৰিকাই নিজেই গৰুখুঁটিত বাহৰ পাতি কৃষি প্রকল্পৰ কাম আগবঢ়াই নিয়াৰ লগতে ইতিমধ্যে খিলঞ্জীয়া লোকৰ দখলত থকা ভূমিৰ পৰাই আৰম্ভ কৰিছে কৃষিকার্য৷ ইফালে বান পৰিস্থিতি আৰু ন্যায়ালয়ৰ কিছু বাধ্য–বাধকতাৰ বাবে আৰম্ভ কৰিব নোৱাৰা উচ্ছেদ অভিযান আজিৰে পৰা আৰম্ভ কৰে দৰং জিলা প্রশাসনে৷ কিন্তু পূর্বৰ উচ্ছেদতকৈ এইবাৰৰ উচ্ছেদত প্রশাসনৰ ভূমিকা আছিল সম্পূর্ণ সুকীয়া৷ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ কঠোৰ আবেষ্টনীৰ জৰিয়তে সু–শৃংখলিতভাৱে চলাইছিল উচ্ছেদ অভিযান৷ কালিৰে পৰা সমগ্র ধলপুৰ অঞ্চলত দেখা গৈছিল বিশেষ যুদ্ধকালীন তৎপৰতা৷ ১৪খন জে চি বি আৰু ত্রিশখন ড্রেক্টৰ ব্যৱহাৰ কৰে আজিৰ উচ্ছেদ প্রক্রিয়াত৷ একেদৰে ব্রহ্মপুত্রৰ খুঁটি পাৰ হ’বলৈ প্রায় চল্লিশখন ভুটভুটী নাৱৰো ব্যৱস্থা কৰা হয়৷ জে চি বি পাৰ কৰিবলৈ উচ্চ ক্ষমতাসম্পন্ন নৌকাও অনা হৈছে সুদূৰ তেজপুৰৰ পৰা৷

মুঠতে সম্পূর্ণ সষ্টম হৈ দৰং জিলা প্রশাসনে সোমবাৰে ছিপাঝাৰত সম্পন্ন কৰে উচ্ছেদ অভিযান৷ দৰঙৰ উপায়ুক্ত প্রভাৱতী থাওছেন আৰু আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাৰ নেতৃত্বত প্রায় পোন্ধৰশ সামৰিক আৰু অর্ধসামৰিক লোক মোতায়েন কৰি সম্পন্ন কৰা হয় উচ্ছেদ অভিযান৷ প্রশাসনৰ এনে যুদ্ধংদেহি তৎপৰতাত যেন বেদখলকাৰীয়েও সাহস নকৰিলে প্রতিবাদ কৰিবলৈ৷ প্রকাশযোগ্য যে ইয়াৰ পূর্বে ধলপুৰৰ শিৱ মন্দিৰৰ নামত সংৰক্ষিত ১৮০ বিঘা ভূমি দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাৰ তৎপৰতাত বেদখলকাৰীয়ে নিজেই মুকলি কৰি দিছিল৷ আজিও উচ্ছেদ অভিযানত সন্মুখৰ পৰা নেতৃত্ব দিয়ে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকজনে৷

You May Also Like

More From Author