নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ দাবীত ১৭ নৱেম্বৰত ২৭টাকৈ বাঙালী সংগঠনে খানাপাৰাত বিশাল গণসমাবেশৰ আয়োজন কৰিছে। এই গণ সমাবেশৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ৰাজ্যৰ বিভিন্ন দল সংগঠন। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত আৰু ২৭টাকৈ বাঙালী সংগঠনৰ গণসমাবেশৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত ৰাজ্যৰ ৪৬টাকৈ সংগঠনে ২৩ অক্টোবৰত অসম বন্ধৰ ঘোষণা কৰিছে।
ৰাজ্যৰ ৪৬টাকৈ সংগঠনে জনোৱা অসম বন্ধৰ এই আহ্বানক ৰাজ্য চৰকাৰে বিৰোধিতা কৰি জাৰি কৰিলে এনেধৰনৰ কঠোৰ নিৰ্দেশনা ———
– সকলো জিলা উপায়ুক্ত-আৰক্ষী অধীক্ষকলৈ নিৰ্দেশনা প্ৰেৰণ।
– পঞ্চায়ত পৰ্যায়লৈকে সকলো চৰকাৰী কৰ্মচাৰীৰ উপস্থিতি বাধ্যতামূলক।
– বন্ধৰ দিনা কাৰ্যালয়ত অনুপস্থিতি থাকিলে লোৱা হ’ব অনুশাসনমূলক ব্যৱস্থা।
– ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিলে ট্ৰেড লাইচেঞ্চ বাতিল কৰিব চৰকাৰে।
– ব্যৱসায়ীসকলক এই বিষয়ে আগতীয়াকৈ অৱগত কৰিব DC, SPয়ে।
– সাধাৰণ নাগৰিকৰ নিৰাপত্তাৰ বাবে মজুত কৰা হ’ব বৃহত্ সংখ্যক নিৰাপত্তাৰক্ষী।
– ৰাজহুৱা যাতায়াত ব্যৱস্থাত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী দিয়া হ’ব।
– বন্ধৰ সমৰ্থনত ওলাই অহা লোকক লগে লগে গ্ৰেপ্তাৰৰ নিৰ্দেশ।
– বন্ধৰ সময়ত হোৱা ক্ষয়-ক্ষতিৰ মূল্য বন্ধ দিয়া সংগঠনৰ পৰা আদায় কৰা হ’ব।
– বন্ধৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়-উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত এই নিৰ্দেশনা।
নৰেন্দ্র মোডী নেতৃত্বাধীন কেন্দ্ৰৰ বি জে পি চৰকাৰে ভাৰতবৰ্ষৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক বিসৰ্জন দি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 ৰ জৰিয়তে অসমলৈ লাখ লাখ হিন্দু বাংলাদেশীক আমন্ত্ৰণ জনোৱাৰ প্ৰতিবাদত কাইলৈ অৰ্থাৎ ২৩ অক্টোবৰ তাৰিখে গ্ৰহণ কৰা হৈছে অসম বন্ধ কাৰ্য্যসুচী।
কালিৰ অসম বন্ধৰ বিৰোধিতা কৰি বিজেপিৰ বহু বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে মন্তব্য কৰিলে এনেদৰে – – – – –
অখিল গগৈয়ে সহজ পদ্ধতিৰে আন্দোলন কৰে। অসমত যিকোনো ক্লাবে বন্ধ আহ্বান কৰিলেও বন্ধ হয়। অখিলৰ সাহস থাকিলে ১ লাখ মানুহ লৈ সমাৱেশ পাতক। এই মন্তব্য হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ। অখিল গগৈক বাংলাদেশীৰ সমৰ্থক আখ্যা দি শিলাদিত্য দেৱে কয় – কাজিৰঙাত বাংলাদেশী মুছলমানক উচ্ছেদ কৰাৰ সময়ত অখিলে তেওঁলোকৰ পক্ষত থিয় দিয়ে। কিন্তু অসমীয়া মহিলাক বলাত্কাৰ কৰিলে অখিল নিমাত হৈ পৰে। অখিলৰ আন্দোলনত বাংলাদেশীয়ে লুঙী এৰি জিন্ছ পিন্ধি ভাগ লয় বুলিও মন্তব্য শিলাদিত্য দেৱৰ। অখিল গগৈয়ে অসমত অসহিষ্ণুতা আনিছে বুলিও অভিযোগ শিলাদিত্য দেৱৰ। অগপৰে মিত্ৰতা সন্দৰ্ভত শিলাদিত্য দেৱে কয়, মিত্ৰ দল ওলাই যাব বিচাৰিলে যাব পাৰে, সেয়া তেওঁলোকৰ নিজৰ কথা। কিন্তু আমাৰ চৰকাৰৰ পৰা আমি কাকো নেখেদাও।”
ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ মন্তব্য——” নাগৰিকত্ব সংশোধনী বিধেয়ক কোনোপ্ৰকাৰে গৃহীত হ’বলৈ নিদিওঁ। ইয়াৰ বাবে আমি যিমান পৰ্যায়লৈ কৰিব লাগে কৰিম। ”
১৭ নৱেম্বৰত গুৱাহাটীত সমাৱেশ পাতিবলৈ অনুমতি নিদিয়ে ৰাজ্য চৰকাৰে। ১৭ তাৰিখে সমাৱেশ অনুষ্ঠিত কৰিলে আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা আছে। এই কথা স্পষ্ট কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশতহে বন্ধৰ বিৰোধিতা কৰাৰ বাবে চৰকাৰে উঠিপৰি লাগিছে বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।
কাইলৈৰ বন্ধত হোৱা ক্ষতিৰ সম্পূৰ্ণ খৰচ দিবলৈ সাজু অখিল গগৈ। সংবাদ মাধ্যমৰ আগত কৃষক নেতা অখিল গগৈয়ে কয় – জাতীয় সংগঠনে RSS আৰু বিজেপিক সুধি বন্ধ আহ্বান নকৰে। অসমীয়া জাতিৰ যি ক্ষতি হ’ব তাৰ দায়িত্ব চৰকাৰে ল’বনে বুলিও প্ৰশ্ন অখিল গগৈৰ।
কিন্তু প্ৰশ্ন উঠিছে – – – – – – এফালে কালি তিনি মন্ত্ৰালয়ৰ সচিবৰে যুটীয়া সংসদীয় কমিটীৰ বৈঠক আৰু আনফালে ৬০ সংগঠনৰ অসম বন্ধ।
বাঙালী সংগঠনৰ গণভিত্তি কিমান?
বন্ধই প্ৰভাৱ পেলাবনে যুটীয়া সংসদীয় কমিটীৰ সিদ্ধান্তত?
বন্ধই প্ৰভাৱ পেলাবনে যুটীয়া সংসদীয় কমিটীৰ সিদ্ধান্তত?
![](https://guwahatitimes.com/wp-content/uploads/2018/10/44502918_2417244018316360_8921768060256256_n.jpg)