গহপুৰৰ নৰেন্দ্ৰ মোডীৰ সভাস্থলী পৰিদৰ্শন সৰ্বানন্দ সোনোৱালৰ

1 min read

গহপুৰত অহা ৩০ মাৰ্চত সন্মানীয় প্ৰধান মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব ৷ প্ৰধান মন্ত্ৰী ডাঙৰীয়াৰ আগমনক লৈ ইতিমধ্যে দলীয় নেতা-কৰ্মীৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি সভাথলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়। এই সময়চোৱাত উপস্থিত আছিল মন্ত্ৰী নৱ কুমাৰ দলে, মন্ত্ৰী ৰঞ্জিত দত্ত, গহপুৰৰ বিধায়ক উৎপল বৰা, দেবানন্দ হাজৰীকা আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ।

সভাস্থলীত বহু সংখ্যক ভাৰতীয় জনতা পাৰ্টিৰ সদস্য আৰু শুভাকাংক্ষী উপস্থিত আছিল। উপস্থিত থকা সকলক উদ্দেশি সৰ্বানন্দ সোনোৱালে বক্তব্য ৰাখি অহা ৩০ তাৰিখৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভা সফল কৰি তোলাৰ আহ্বান জনায়।

Madav Sarmah report, Guwahati Times.

You May Also Like

More From Author