ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মৰাণ জাতীয় শ্বহীদ জনাক শ্ৰদ্ধাঞ্জলি ও অস্থায়ী ডাষ্টবিন স্থাপন

0 min read

ঈশ্ফাক আলি: ডিব্ৰুগড়: সদৌ মৰাণ ছাত্ৰ সন্থা , ডিব্ৰুগড় বিশ্ববিদ্যালয় সমিতিয়ে জ্যোতি বাটচৰা প্ৰাঙ্গনত মৰাণ জাতীয় শ্বহীদ বিনন্দ মৰাণক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

উক্ত অনুষ্ঠানটো আঁৰ ধৰে সদৌ মৰাণ ছাত্ৰ সন্থা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমিতিৰ সাধাৰণ সম্পাদক তপন মৰাণ দেবে ।

অনুষ্ঠানটোৰ ভাষণ প্ৰসংগত সেই সমিতি খনৰে সভাপতি পৰাগ চেতিয়াই শ্বহীদ জনাৰ তাৎপৰ্য সম্পৰ্কে চমু আভাস দিয়ে । অনুষ্ঠানটোত উপস্থিত থাকি বিশ্ববিদ্যালয়ৰে গোৰ্খা ছাত্ৰ অধ্যয়ন কেন্দ্রৰ সভাপতি খেম বাহাদুৰ ছেত্ৰী আৰু টাই আহোম অধ্যয়ন চক্ৰৰ সম্পাদক মনমোহন গগৈ দেবে জাতীয় শ্বহীদ জনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি দিয়ে ।

উক্ত অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰে নগা ছাত্ৰ অধ্যয়ন কেন্দ্ৰৰ সভাপতি লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ সভাপতি অংকুৰ প্ৰতিম গগৈ দেৱ উপস্থিত থাকে ।

বিশ্ববিদ্যালয়ৰ অধ্যয়নত মৰাণ শিক্ষাৰ্থী সকল পৰীস্মিতা দহোতিয়া, বিকি বৰুৱা, প্ৰদ্যুৎ মৰাণ, নৰকান্ত বৰুৱা, ডেইজি মৰাণ, কাশ্মিৰী চুতীয়া, প্ৰিয়ংকা চুতীয়া, বিনোজিৎ মহন্ত , বিদ্যুৎ মৰাণ, জ্যাগ্ৰীক দহোতিয়া , জোনবিৰি মৰাণ, বিদিশা গোহাঁই , মানুহ বৰুৱাকে প্ৰমুখ্যে কৰি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকল উপস্থিত থাকে ।

উল্লেখযোগ্য যে উক্ত দিনাখনে সদৌ মৰাণ ছাত্ৰ সন্থা ডিব্ৰুগড় বিশ্ববিদ্যালয় সমিতিয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ সুবিধা হোৱাকৈ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ খেল পথাৰৰ প্ৰৱেশ দুৱাৰৰ সন্মুখত চাৰিটাকৈ বাঁহেৰে নিৰ্মিত অস্থায়ী ডাষ্টবিন স্থাপন কৰে ।

You May Also Like

More From Author