Guwahati: NEF College- Lokhra to be made Quarantine Centre

1 min read

GUWAHATI: NEF College to be made quarantine centre.The announcement was made by Padoomi Deka , Administrative offficer of NEF college in her Facebook post.

Deka’s Facebook post read, “কেইদিনমান আগতে কোনোবা quarantine centre ৰ পৰা মেৰিগোল্ড বিস্কুট দেখুৱাই কোনোবাই সমালোচনা কৰিছিল ।
মই আজি নিজ চকুৰে দেখা অভিজ্ঞতা আপোনালোকৰ আগত কব বিচাৰিছো, অনুগ্ৰহ কৰি সকলো বন্ধু বান্ধৱীয়ে পঢ়িলে সুখী হম।

যোৱা কালি গধুলি মোক ফোন কৰি আমাৰ লখৰাত থকা NEF কলেজ খনত Quarantine centre বনাবলৈ DC Office ৰ পৰা ফোন কৰিলে ।লগে লগে মই আমাৰ সঞ্চালক মহোদয়ক জনালোঁ । তেখেতে চৰকাৰ আৰু সামাজিক দায়বদ্ধতা স্বীকাৰ কৰি অনুমতি প্ৰদান কৰিলে।
ৰাতিপুৱা 10 বজাতে DC Office ৰ চাৰিজন মানুহ আহিল।প্ৰায় 10/12 জন চাফাই কৰ্মী আনি একোটা ৰুম প্ৰায় তিনি বাৰকৈ মচিছে( চিত্ৰনালা,ডেটলৰে)Quarantine কৰিবলৈ বিছৰা মানুহ খিনিৰ প্ৰতিজনৰে সামগ্ৰী এনে ধৰনৰ-
মেট্ৰেছ,গাৰু, বেডকভাৰ, বাল্টি, মগ, টাৱেল, চাবোন, টুথপেষ্ট, ব্ৰাচ, চেনিটাইজাৰ, গুডনাইট coil , ইত্যাদি ।

ভাবি আচৰিত লাগিছে বাছ বা ট্ৰেইনেৰে আনি ইমান সুবিধা দি ৰখা ৰ পিছতো মানুহে বদনাম কৰিবলৈ এৰি নিদিয়ে । ADC Ratul Pathak ছাৰে ক’লে যোৱা তিনি মাহ দৈনিক চাৰিঘন্টাকৈও আমি শুব পোৱা নাই । যিখিনি মানুহ নতুন কৈ অসমলৈ আহি আছে মোৰ বিনম্ৰ অনুৰোধ চৰকাৰ, প্ৰশাসনক সহায় কৰক।বদনাম কৰাৰ সলনি কৃতজ্ঞতা জনাওক।”

You May Also Like

More From Author