গুৱাহাটী: ক’ৰোনা মহামাৰীৰ জটিল পৰিস্থিতিক লৈ ৰাজ্যবাসী যুঁজি থকাৰ সময়তে আজি যোৰহাট জিলাৰ চেলেংহাটৰ ঐতিহাসিক গাভৰু পর্বতত সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ড৷ অসমবাসীক ইতিপূর্বে জোকাৰি যোৱা নীল–ভিৰ হত্যাকাণ্ডৰ পুনৰাবৃত্তি ঘটাই গাভৰু পর্বতত সংঘটিত এই হত্যাকাণ্ডই পুনৰ বিচলিত কৰি তুলিছে সভ্য সমাজক৷ হিতাহিত জ্ঞান হেৰুৱাই একাংশ লোকে শনিবাৰে এজন যুৱকক গচকি, মৰিয়াই হত্যা কৰে৷ এই ঘটনাই একাংশ লোকৰ নির্মম আচৰণ কি পর্যায়লৈ যাব পাৰে সেয়া স্পষ্ট কৰি তুলিলে৷
উল্লেখ্য যে, যোৰহাট জিলাৰ গাভৰু পর্বতৰ আঠাইশ শিলৰ প্রাকৃতিক সৌন্দর্য উপভোগ কৰিবলৈ যোৱা নকছাৰী মিল গাঁৱৰ দেৱাশিস গগৈ (দুলু) নামৰ যুৱকজনক শনিবাৰে এটা দুর্ঘটনাক কেন্দ্র কৰি একাংশ লোকে মৰিয়াই হত্যা কৰে৷
জানিব পৰা মতে, এজন বন্ধুৰ সৈতে দেৱাশিস গাভৰু পর্বতৰ আঠাইশ শিলৰ প্রাকৃতিক দৃশ্য উপভোগ কৰিবলৈ শনিবাৰে সন্ধিয়াৰ ভাগত ঠাইখনত উপস্থিত হৈছিল দেৱাশিস৷ তাৰ পৰা উভতি অহাৰ সময়তে চলাই অহা স্কুটীখনেৰে এগৰাকী মহিলাক সামান্যভাৱে খুন্দিওৱাক কেন্দ্র কৰি স্থানীয় লোকৰ সৈতে সংঘাতৰ সূত্রপাত হয়৷ যুৱকজনক লক্ষ্য কৰি স্থানীয় বহুকেইজন লোক ওলাই আহি তর্কাতর্কি কৰাৰ পাছতে ঘেৰাও কৰি লৈ মাৰধৰ আৰম্ভ কৰে৷ সাধাৰণ ঘটনাক কেন্দ্র কৰি নিমিষতে উন্মত্ত হৈ পৰা লোকসকলে দেৱাশিসক মাটিত বগৰাই গচকি থকাৰ লগতে আন একাংশই মাৰধৰ কৰে৷ তিতাবৰ সমষ্টিৰ দেৱেৰাপাৰা আৰক্ষী চকীৰ অন্তর্গত গাভৰু বাগিচাৰ কলঘৰৰ সন্মুখতে দেৱাশিসক এনেদৰে মাৰধৰ আৰম্ভ কৰাত লগত যোৱা বন্ধু আদিত্য দাসে ৰক্ষা কৰিবলৈ চেষ্টা চলায় যদিও তেওঁকো আক্রমণৰ লক্ষ্য কৰি লয় লোকসকলে৷