বিজেপিয়ে অসমীয়াৰ আৱেগৰ লগত খেলা কৰিছেঃ দীপাংক নাথ

0 min read

অসম আন্দোলনৰ অগ্রণী নেতা তথা ৰাজ্যৰ মুখ্যমন্ত্রীৰ একালৰ সতীর্থ, সদৌ অসম ছাত্র সন্থাৰ প্রাক্তন সাংগঠনিক সম্পাদক, কোকৰাঝাৰ জিলা ছাত্র সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক তথা কালিপুখুৰী কাকোৰমাৰী গাঁও নিৱাসী গৌতম ৰায়ৰ (৫৫) বৃহস্পতিবাৰে আদ্যশ্রাদ্ধ অনুষ্ঠানত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে উপস্থিত হৈ মৃতকৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ দীর্ঘদিন ধৰি জটিল ৰোগত আক্রান্ত হৈ যোৱা ২৬ ছেপ্ঢেম্বৰত মৃত্যুবৰণ কৰা গৌতম ৰায়ৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি আছুৰ সভাপতি নাথে কয় যে দুর্যোগপূর্ণ মুহূর্ততো অসমীয়া জাতীয়তাবাদৰ পতাকাখন গৌতম ৰায়ে দৃঢ়ভাৱে ধৰি ৰাখিছিল৷ গৌতম ৰায়ৰ অকাল মৃত্যু সমাজ আৰু সংগঠনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে৷

ইপিনে, সাংবাদিকৰ আগত আছুৰ সভাপতি নাথে কয়– অসম জাতীয় পৰিষদে জাতীয়তাবাদী সত্তাসমূহক একত্রিত কৰি অসম বচোৱাৰ পৰিকল্পনা কৰিছে৷ বিজেপি চৰকাৰে জাতি–মাটি–ভেটিৰ কথা কৈ হিন্দু বাংলাদেশীৰ নামত বাংলাদেশীৰ বোজা দি, নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দি, জাতি–জনগোষ্ঠী, ভাষা–সাহিত্য–সংস্কৃত্ নিঃশেষৰ পৰিকল্পনা কৰি আৰু অসমীয়াৰ আৱেগৰ লগত খেলা কৰি চূডান্ত অন্যায় কাম কৰিছে৷ তদুপৰি বদৰুদ্দিন আজমলৰ সভাত আৰবীভাষাৰ বেনাৰে সন্দেহৰ বীজ ৰোপণ কৰি এয়া অসমীয়া জাতিবিৰোধী কাম নেকি, তাৰ তদন্ত কৰি দোষীক গ্রেপ্তাৰ কৰিবলৈও দাবী উত্থাপন কৰিছে আছু নেতা নাথে৷ আনহাতে, হাইস্কুলৰ টেট পৰীক্ষাৰ বাবে অনলাইন আবেদন কৰিবলৈ গৈ শ শ পৰীক্ষার্থী বঞ্চিত হোৱা কার্যত গভীৰ উদ্বেগ প্রকাশ কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে আবেদনৰ সময়সীমা পুনৰ বৃদ্ধি কৰিবলৈ দাবী জনাইছে৷ উল্লেখ্য যে কালি অনুষ্ঠিত গৌতম ৰায়ৰ শ্রদ্ধাঞ্জলি অনুষ্ঠানত বিটিচিৰ পৰিষদীয় সমষ্টিৰ ছালাকাটি সমষ্টিৰ বি পি এফৰ প্রার্থী দেৰহাছাৎ বসুমতাৰীকে ধৰি বি পি এফৰ বহু নেতা–কর্মী, আছু, আক্রাছুৰ নেতা–কর্মী, নাথ–যোগী ছাত্র সন্থাৰ নেতা–কর্মীৰ লগতে বহুসংখ্যক গুণমুগ্ধই অংশগ্রহণ কৰে৷

You May Also Like

More From Author