১৫২জন এল এল এম পৰীক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ে ল’লে ৯মাহতকৈ অধিক সময়

0 min read

নটা মাহৰো অধিক সময়ৰ অন্তত আজি ২১ অক্টোবৰত গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰিলে আইনৰ স্নাতকোত্তৰ শাখা(এল এল এম)ৰ ফলাফল ।

১৫২ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা এই পৰীক্ষাত উৰ্ত্তীণ হয় ১১৪ জন পৰীক্ষাৰ্থী ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ স্নাতকোত্তৰ শাখাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ সপ্তৰ্ষি প্ৰসাদ সিনহা, প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান এন ই এফ আইন মহাবিদ্যালয়ৰ প্ৰাঞ্জল কলিতা আৰু প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ উৎপল শৰ্মাই ।

উল্লেখ্য যে মাত্ৰ ১৫২ জন শিক্ষাৰ্থীৰ ফলাফল দিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ে সময় ৯ মাহতকৈ অধিক সময় লোৱা কাণ্ডই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এইবছৰ কেৱল কভিড ১৯ বুলিয়ে নহয় প্ৰতিবাৰেই ফলাফল ঘোষণাত কৰা এনে বিলম্বৰ বাবে বহু শিক্ষাৰ্থীয়ে বিভিন্ন সুযোগ হেৰুৱাব লগা হোৱাৰ অভিযোগ উত্থাপন হয় ৷

You May Also Like

More From Author