কাইলৈ গুৱাহাটীত উপস্থিত হ’ব অমিত শ্বাহ, বটদ্ৰৱাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰদান কৰিব ১৫০ কোটি

1 min read

শনিবাৰে পুৱা ১১ বজাত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। আমিন গাঁৱত ৮ হাজাৰ নামঘৰলৈ বিতৰণ কৰিব সাহায্য। বটদ্ৰৱাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৫০ কোটি টকা প্ৰদান কৰিব। গুৱাহাটী স্থাপন হ’বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় আৰু আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে।

আমিনগাঁৱতেই মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে বৈঠকত মিলিত হ’ব অমিত শ্বাহ। একেটা স্থানতে বিজেপিৰ ক’ৰ কমিটীৰ সৈতে বহিব বৈঠকত। বিটিচিৰ নৱনিৰ্বাচিত পাৰিষদসকলৰ সৈতেও বহিব বৈঠকত। দেওবাৰে পুৱা কামাখ্যা দৰ্শন কৰি ইম্ফললৈ যাব অমিত শ্বাহ।

You May Also Like

More From Author