বর্ষ সমাপ্তিত সুখবৰঃ অক্সফ’ৰ্ড ক’ভিড ভেকচিন প্রয়োগত অনুমোদন জনালে গ্রেট ব্রিটেইনে

0 min read

অতি সংক্রামক নতুন ক’ৰোনাই শংকাৰ পৰিৱেশ সৃষ্টি কৰাৰ সময়তে অষ্ট্রজেনেকা–ক্সফ’ড ক’ভিড ভেকচিন ‘ক’ভিশ্বিল্ড’ প্রয়োগত অনুমোদন গ্রেট ব্রিটেইনৰ৷ ঔষধ প্রস্তুত কোম্পানী অষ্ট্রজেনেকা আৰু অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিকশিত ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ড জৰুৰীকালীনভাৱে প্রয়োগত আজি অনুমোদন জনায় গ্রেট ব্রিটেইনে৷ ইয়াৰ পূর্বে বিশ্বৰ প্রথম দেশ হিচাে ফাইজাৰ–বায়’এনটেক ক’ভিড ভেকচিন প্রয়োগত অনুমোদন জনোৱা গ্রেট ব্রিটেইনত ইতিমধ্যে ৬ লাখতকৈ অধিক লোকক এই ভেকচিন প্রদান কৰা হৈছে৷ দ্বিতীয়টো ভেকচিন হিচাপে ক’ভিশ্বিল্ড জৰুৰীকালীনভাৱে দেশখনত প্রয়োগত অনুমোদন জনোৱা হৈছে৷ এনে এক জটিল সন্ধিক্ষণত যি সময়ত অতি সংক্রামক নতুন ক’ৰোনা তথা ক’ভিড–১৯তকৈ ৭০ শতাংশ অধিক সংক্রামক ৰূপান্তৰিত ক’ৰোনাই দেশখনত হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰিছে৷ গ্রেট ব্রিটেইনে ক’ভিশ্বিল্ড প্রয়োগৰ অনুমোদন জনোৱাৰ সময়তে ভাৰততো এই ভেকচিনটো জৰুৰীকালীনভাৱে প্রয়োগৰ বাবে বিবেচনা কৰি থকা হৈছে৷ অষ্ট্রজেনেকা–ক্সফ’ডৰ ভেকচিনটো ভাৰতীয় কোম্পানী ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই উৎপাদন কৰাৰ লগতে বিতৰণৰ দায়িত্ব বহন কৰিছে৷ ভাৰতত এই ভেকচিনটোৰ পৰীক্ষণ চলাই থকাৰ লগতে উৎপাদন কৰি প্রয়োগৰ বাবে সাজু কৰা এই ভেকচিনটো শীঘ্রেই দেশত প্রয়োগ কৰাৰ বাবে চৰকাৰৰ ওচৰত আবেদন জনাইছে৷ অ

র্থাৎ এই ভেকচিনটো ভাৰতত যিকোনো মুহূর্তত প্রয়োগৰ বাবে অনুমতি দিয়াটো নিশ্চিত হৈছে৷ তাৎপর্যপূর্ণ যে অসমকে ধৰি দেশৰ চাৰিখন ৰাজ্যত ক’ভিড–১৯ ভেকচিন প্রদানৰ আখৰা ইতিমধ্যে সম্পন্ন হৈছে৷ কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক ক’ভিড–১৯ ভেকচিন প্রদান আৰু বিতৰণক লৈ সকলো আন্তঃগাঁথনি সাজু কৰিবলৈ নির্দেশ দিছে৷ আনহাতে, নতুন ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ ঘটা ব্রিটেইনৰ পৰা ভাৰতলৈ উভতি অহা যাত্রীৰ দেহত এই ক’ৰোনা পজিটিভ ধৰা পৰিবলৈ আৰম্ভ কৰিছে৷ কালি ৮গৰাকী ইংলেণ্ড ফেৰৎ লোকৰ দেহত এই ক’ৰোনা ধৰা পৰাৰ পাছত আজি ১২গৰাকী ধৰা পৰিছে৷ দেশজুৰি এতিয়ালৈকে ২০জন লোকৰ দেহত অতি সংক্রমক নতুন ক’ৰোনা ধৰা পৰিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে, গ্রেট ব্রিটেইনৰ পৰা উভতি অহা যাত্রীৰ ভিতৰত ২০জনৰ দেহত নতুন ক’ৰোনাৰ স্থিতি প্রমাণিত হৈছে৷ এই যাত্রীকেইজনৰ ভিতৰত দিল্লীৰ এন চি ডি চিত ৮, বাংগালুৰুৰ নিমহান্সত ৭, হায়দৰাবাদৰ চি চি এম বিত ২, কলকাতাৰ এন আই বি জিৰ ১, পুনেৰ এন আই ভিৰ ১ আৰু দিল্লীৰ আই জি আই বিৰ এজন৷ ইংলেণ্ড ফেৰৎ যাত্রীৰ নমুনা পৰীক্ষণৰ অন্তত উল্লিখিত স্থানৰ লেবৰেটৰীত ২০জনৰ দেহত নতুন ক’ৰোনাৰ স্থিতি স্পষ্ট হৈছে৷

আনহাতে, ফাইজাৰ–বায়’এনটেক ক’ভিড ভেকচিন লোৱাৰ আঠ দিন পাছত কেলিফ’র্নিয়াৰ এগৰাকী নার্ছ ক’ভিড–১৯ত আক্রান্ত হোৱাটো নিশ্চিত হোৱাৰ পাছত উদ্বিগ্ণ পৰিৱেশ সৃষ্টি হৈছে৷ গ্রেট ব্রিটেইনৰ ডেইলী মেইলত প্রকাশিত বাতৰি অনুসৰি যোৱা ১৮ ডিচেম্বৰত মেথিউ ডব্লিউ নামৰ এগৰাকী নার্ছে কেলির্ফর্নিয়াৰ ফাইজাৰ ভেকচিন লৈছিল৷ ভেকচিন লোৱাৰ সময়ত তেওঁৰ শৰীৰত কোনো পার্শ্বক্রিয়া দেখা পোৱা নগৈছিল৷ তদুপৰি ভেকচিন লৈ নার্ছগৰাকীয়ে ছান ডিয়েগ’ৰ দুখন হাস্পতালত চিকিৎসা সেৱা আগবঢ়াই আছিল৷ কিন্তু এনেদৰে চিকিৎসা সেৱা আগবঢ়াই থকা অৱস্থাতে নার্ছগৰাকী অসুস্থ হৈ পৰে আৰু যোৱা ২৬ ডিচেম্বৰত চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ পিছলৈ ক’ভিড–১৯ পৰীক্ষণ চলোৱাত নার্ছগৰাকী ক’ভিড–১৯ত আক্রান্ত হোৱাটো নিশ্চিত হয়৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প প্রশাসনে ফাইডাৰ ভেকচিন প্রদান প্রক্রিয়া চলাই থকাৰ সময়তে আন এটা ভেকচিন মডার্নাৰ প্রয়োগো আৰম্ভ কৰিছে৷ দেশখনৰ নির্বাচিত উপ–ৰাষ্ট্রপতি কমলা হেৰিছে মডার্না ভেকচিনৰ প্রথম ড’জটো গ্রহণ কৰে৷ ৰাষ্ট্রপতি নির্বাচিত জ’ বাইডেনে ভেকচিন লোৱাৰ এসপ্তাহ পাছত মঙলবাৰে উপ–ৰাষ্ট্রপতি নির্বাচিত হেৰিছে ভেকচিনটোৰ প্রথমটো ড’জ গ্রহণ কৰে৷ উল্লেখ্য যে ক’ভিড–১৯ ভেকচিনৰ দুটাকৈ ড’জ এজন ব্যক্তিক প্রদান কৰা হয়৷

You May Also Like

More From Author