পুৱাৰ চাহকাপ পলমকৈ দিয়া বাবেই পত্নীৰ শিৰশ্ছেদ

1 min read

পুৱাৰ চাহকাপ পলমকৈ দিয়া বাবেই পত্নীৰ শিৰশ্ছেদ কৰিলে উত্তৰ প্রদেশৰ গাজিয়াবাদৰ এজন লোকে৷ তৰোৱালেৰে গাজিয়াবাদৰ ভোজপুৰ গাঁৱৰ ধৰমবীৰ নামৰ লোকগৰাকীয়ে এনেদৰে পত্নীৰ শিৰশ্ছেদ কৰা ঘটনাক লৈ সমগ্র অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য৷ পুত্রৰ অভিযোগৰ ভিত্তিত অভিযুক্ত ধৰমবীৰক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ৫২ বছৰীয়া ধৰমবীৰৰ পত্নী সুন্দৰীৰ সৈতে সঘনে সৰু সৰু বিষয়ক লৈ কাজিয়া হৈছিল৷ আজি পুৱাৰ ভাগত ধৰমবীৰে পত্নীক চাহ যোগান ধৰাত পলম হোৱা বাবে গালি-শপনি দিবলৈ ধৰে৷ সুন্দৰীয়ে গালিৰে ইয়াৰ প্রত্যুত্তৰ দিয়াত খঙত উগ্রমূর্তি ধাৰণ কৰি চোকা তৰোৱালেৰে ডিঙিত ঘপিয়াবলৈ ধৰে ধৰমবীৰে৷ ইতিমধ্যে সুন্দৰীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰিছে আৰক্ষীয়ে৷ শিহৰণকাৰী এই ঘটনাই উত্তপ্ত কৰি ৰাখিছে গাজিয়াবাদ৷

You May Also Like

More From Author