অখিল গগৈক সভাপতি হিচাপে লৈ গঠন কৰা হ’ল নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ‘ৰাইজৰ দল’-ৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সমিতি ৷ মৰাণত অনুষ্ঠিত হৈ থকা দলটোৰ ৰাজ্যিক অভিৱৰ্তনৰ দ্বিতীয় দিনা নিশা অনুষ্ঠিত প্ৰতিনিধি আৰু বিষয়বাচনি সভাত গঠন কৰা হয় সমিতিখন ৷
ড° হীৰেন গোহাঁইক মুখ্য উপদেষ্টা, ড° উদয়াদিত্য ভৰালী, ড° ইন্দ্ৰানী দত্ত, ড° সঞ্জয় তাঁতী, ড° হাফিজ ৰচিদ চৌধুৰী আৰু ড° ঘনশ্যাম নাথক দিয়া হৈছে উপদেষ্টামণ্ডলীৰ দায়িত্ব ৷ সভাই সৰ্ব্বসন্মতিক্ৰমে ভাস্ক’ ডি শইকীয়া, কবীন্দ্ৰ চেতিয়া ফুকন আৰু জিতুল ডেকাক কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ কৰে ৷
উপ-সভাপতি নিৰ্বাচন কৰা হয় ক্ৰমে সুমিত্ৰা হাজৰিকা, মোহিনী মোহন লিগিৰা, কমল কুমাৰ মেধি, ৰাচেল হুচেইন, দীপক শইকীয়া, ৰঞ্জিত তামুলী, ডা: হৰিকান্ত দাস, চৰণ ডেকা, দিলীপ বৰা, বেদান্ত লস্কৰ, হৰেশ্বৰ বৰ্মন, ফনী টায়েং, অনিল বড়ো, ভৱেন বৰুৱা, টংকেশ্বৰ মৰাণ, সিদ্ধাৰ্থ বৰুৱা আৰু পুলিন ভট্যাচাৰ্যক ৷
সাধাৰণ সম্পাদকৰ দায়িত্বত আছে মহেন্দ্ৰ দিহিঙীয়া, হুছেইন মহম্মদ ছাহজাহান, ৰুবুল দাস, গিৰিশংকৰ গোস্বামী, অংকুৰ শইকীয়া, অলক নাথ, লোহিত গগৈ, দিবস ফুকন আৰু জাহিৰুদ্দিন লস্কৰ ৷
ৰাইজৰ দলৰ আহ্বায়ক মণ্ডলীয়ে প্ৰস্তুত কৰা প্ৰায় ৯০ জনীয়া নতুন সমিতিখনৰ তালিকাখন পাঠ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে ৷ প্ৰতিনিধি সভাই সমিতিখন গৃহীত কৰে ৷ দায়িত্ব লাভ কৰাৰ পাছতে কাৰ্যকৰী সভাপতি ক্ৰমে ভাস্ক’ ডি শইকীয়া, কবীন্দ্ৰ চেতিয়া ফুকন, অন্যতম সাধাৰণ সম্পাদক লোহিত গগৈয়ে কৃষক নেতা অখিল গগৈৰ নীতি-আদৰ্শৰে, অসমৰ ৰাইজৰ পৰামৰ্শৰে দলটো আগুৱাই নিয়াৰ অংগীকাৰ কৰে ৷