চাৰিদিনীয়া কার্যসূচীৰে আৰম্ভ চানডুবি মহোৎসৱঃ উখল–মাখল উৎসৱ স্থলী

0 min read

ৰাজ্যৰ প্রধান ৯খনকৈ বিল তথা উল্লেখনীয় পর্যটন ক্ষেত্রসমূহৰ ভিতৰত ঐতিহাসিক চানডুবি বিল অন্যতম৷ কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অসম–মেঘালয় সীমান্তৱর্তী ৰাভা হাছং এলেকাৰ ৰাজাপাৰাত অৱস্থিত অনুপম প্রাকৃতিক প্রাচুর্যৰে পৰিপুষ্ট বিলখনৰ বৈচিত্র্যপূর্ণ শোভা উপভোগৰ বাবে আগমন হোৱা শত–সহস্র প্রকৃতিপ্রেমীৰ উপস্থিতিত আজি নৱবর্ষৰ পহিলা দিনটো জনসমুদ্রত পৰিণত হোৱা পৰিলক্ষিত হয়৷

ইফালে, মনোৰম ক্ষেত্রখন বিশ্বৰ ভিতৰত এক উল্লেখনীয় পর্যটন ক্ষেত্র হিচাপে গঢ়ি তোলাৰ প্রয়াসেৰে চানডুবিৰ পাৰৰ সেউজ বাকৰিত প্রতিবছৰে অনুষ্ঠিত হৈ আহিছে চানডুবি উৎসৱ৷ ঠিক তেনেদৰে এইবেলিও চানডুবি উৎসৱ উদযাপন সমিতিয়ে চাৰিদিনীয়া কার্যক্রমণিকাৰে আয়োজন কৰা একাদশ বার্ষিক উক্ত উৎসৱৰ কালি প্রথম দিনৰ কার্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে উদ্যাপন সমিতিৰ সভাপতি কমলেশ্বৰ ৰাভাই৷ তদুপৰি অতিথিশালা ‘ডগৰবুৰা’ৰ দ্বাৰ মুকলি কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কার্যবাহী সদস্যা ৰশ্মি ৰাভাই ৷ ইফালে, প্রদর্শনস্থলী ‘ লাঙাবুৰা’ৰ দ্বাৰ মুকলি কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ চানডুবি পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য নৃপেন চন্দ্র ৰাভাই৷

আনহাতে, উৎসৱথলীৰ ‘চানডুবি ডেৰা’ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভাই মুকলি কৰাৰ উপৰি ‘চান্দ সদাগৰ’ সোঁৱৰণী মঞ্চ সুমিত ৰাভাই উদ্বোধন কৰে৷ আনকি থলুৱা খেল–ধেমালিৰ প্রদর্শনীৰ শুভাৰম্ভ কৰে দিলীপ কুমাৰ ৰাভাই৷ তদুপৰি উক্ত উৎসৱৰ সৈতে সংগতি ৰাখি সত্যজিত ৰাভাৰ সম্পাদনাৰে প্রকাশ কৰি উলিওৱা স্মৃতিগ্রন্থ ‘লকেয়া’ উন্মোচন কৰে ড০ মলিনা দেৱী ৰাভাই৷ আনহাতে, আজি নৱবর্ষৰ পহিলা দিনটোত প্রকৃতিপ্রেমী পর্যটকৰ আগমনত উখল–মাখল হৈ পৰা চিৰসেউজ পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা উৎসৱৰ প্রদর্শনস্থলীত অসমীয়া জাতীয় জীৱনৰ স’তে সংপৃক্ত বিভিন্ন আপুৰুগীয়া শিল্পকর্ম তথা নৃগোষ্ঠীয় জীৱনচর্যাৰ আর্হিৰ লগতে থলুৱা পৰম্পৰাগত খাদ্য ব্যঞ্জনৰ সমাহাৰে সকলোকে আকর্ষিত কৰে৷ ইফালে, উৎসৱৰ কার্যসূচীত ৰাভা,বডোকে ধৰি বাৰেৰহণীয়া কলাকৃষ্টিৰ প্রদর্শনত প্রাকৃতিক ক্ষেত্রখন এক অনন্য ক্ষেত্রলৈ ৰূপান্তৰিত হয়৷

You May Also Like

More From Author