যোৰহাটত নাও দুৰ্ঘটনাঃ শিশুসহ ৪ জনৰ মৃতদেহ উদ্ধাৰ

1 min read

যোৰহাটৰ বাঘমৰাত বনভোজ খাবলৈ গৈ মঙলবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এখন নাও ৷ দুৰ্ঘটনাত পতিত নাওখনত থকা ১৪-১৫ জনীয়া এটা দলে বাঘমৰালৈ বনভোজ খাবলৈ গৈ থকাৰ সময়তে ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গৈছিল নাওখন ৷ লগে লগে হুৱাদুৱা লাগিছিল প্ৰত্যক্ষদৰ্শীৰ মাজত ৷ SDRF আৰু NDRF বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও শিশুসহ 4 জন লোক নিখোজ হৈ পৰিছিল ব্ৰহ্মপুত্ৰৰ বুকুত ৷

আনহাতে আজি ৰাতিপুৱা SDRF আৰু NDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলোৱাত শিশুসহ ৪ জনৰ মৃতদেহ উদ্ধাৰ হয় ৷ শিশুসহ উদ্ধাৰ হোৱা ব্যক্তিসকল হৈছে ২৪ বছৰীয়া ৰাজিয়া টিকালা, ৯ বছৰীয়া চুফিয়ান চৌহান ১৫ বছৰীয়া ছাহিল চৌহান আৰু ৩০ বছৰীয়া প্ৰণৱ ৰায়। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত অঞ্চলটোত এক শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে।

You May Also Like

More From Author