উপার্জন আৰু কৰ আদায়ৰ মাজত ব্যাপক তাৰতম্য থকা অসমৰ কেইবাগৰাকীও ধনকুবেৰৰ ওপৰত আয়কৰ বিভাগৰ শেনচকু পৰিছে৷ শুকুৰবাৰে বিভাগটোৰ কেইবাটাও দলে ৰাজ্যৰ এগৰাকী আগশাৰীৰ ব্যৱসায়ী সুৰেশ পৃথানীৰ লগতে আন কেইবাগৰাকীও ঠিকাদাৰ, ব্যৱসায়ীৰ সাম্রাজ্যত দিনজোৰা অভিযান চলায়৷ পুৱা প্রায় ৮ বজাতে আয়কৰ বিভাগৰ এটা দল প্রৱেশ কৰে সুৰেশ পৃথানীৰ প্রতিষ্ঠান ব্রহ্মপুত্র কনছটিয়ামৰ খ্রীষ্টানবস্তিত থকা কার্যালয়ত৷ সমান্তৰালভাৱে অভিযান চলে ব্যৱসায়ীগৰাকীৰ উলুবাৰীৰ ছিগনেছাৰ এপার্টমেণ্ট আৰু জু–ৰোডৰ স্পেনিছ গার্ডেনত থকা বাসগৃহতো৷ জানিব পৰা মতে, সুৰেশ পৃথানীৰ নতুন দিল্লীস্থিত কার্যালয় আৰু বাসগৃহতো আজি আয়কৰ বিভাগে অভিযান চলায়৷ দিনজোৰা অভিযানৰ সময়ছোৱাত তদন্তকাৰী দলটোৱে সুৰেশ পৃথানী আৰু তেওঁৰ প্রতিষ্ঠানৰ সকলো আয়–ব্যয়ৰ হিচাপ তন্ন তন্নকৈ পৰীক্ষা কৰে৷ য’ত আয় অনুপাতে ব্যৱসায়ীগৰাকীয়ে কৰ আদায় নিদিয়াৰ তথ্য প্রাথমিক অনুসন্ধানতে ওলাই পৰিছে৷ সুৰেশ পৃথানীৰ বেংকৰ লেনদেনকে ধৰি তেওঁৰ সা–সম্পত্তি সংক্রান্তীয় বহু গুৰুত্বপূর্ণ নথি–পত্র আয়কৰ বিভাগে জব্দ কৰে৷ অৱশ্যে আজিৰ অভিযানত জব্দ হোৱা নগদ ধন, আ–লংকাৰকে ধৰি অন্যান্য তথ্য সদৰী কৰাৰ পৰা আজি আয়কৰ বিষয়াসকল বিৰত থাকে৷ একে সময়তে ৰাজ্যত ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ লগত জড়িত বাবুল নাথ নামৰ এজন ঠিকাদাৰকে ধৰি আন দুজন ঠিকাদাৰৰ কার্যালয়, বাসগৃহত আজিয়েই আয়কৰৰ অভিযান চলে৷ বাবুল নাথো উলুবাৰীৰ ছিগনেছাৰ এপার্টমেণ্টৰ ডি ব্লকৰ বাসিন্দা৷ বাবুল নাথ আৰু তেওঁৰ সহযোগী দুজন ঠিকাদাৰে অবৈধ প্রক্রিয়াৰে নগদ ধনৰ লেনদেন কৰাৰ তথ্য আয়কৰ বিভাগে লাভ কৰাৰ পাছত আজি আকস্মিকভাৱে অভিযান চলায়৷ আনহাতে, কংগ্রেছ নেতা তথা ব্যৱসায়ী প্রদ্যুৎ ভূঞাৰ নলবাৰী আৰু গুৱাহাটীৰ বাসগৃহ, ব্যৱসায়িক প্রতিষ্ঠানত আয়কৰৰ দুটাকৈ দলে তালাচী চলায়৷ ভূঞাৰ নলবাৰীৰ গোপালবজাৰস্থিত বাসগৃহৰ লগতে গুৱাহাটীস্থিত ব্যৱসায়িক প্রতিষ্ঠান ছিগনেট ৰিপ’জত আয়কৰ বিভাগৰ দুটাকৈ দলে দিনজুৰি তালাচী চলায়৷ আজিৰ সমগ্র অভিযানৰ বিষয়ে আয়কৰ বিভাগৰ তৰফৰ পৰা পৰৱর্তী সময়ত সবিশেষ তথ্য সদৰী কৰা হ’ব বুলি জনোৱা হৈছে৷ উল্লেখ্য যে শেহতীয়াকৈ আয়কৰ বিভাগে ব্যৱসায়ী কৈলাস লোহিয়া, ঠিকাদাৰ ভাগ্য কলিতা, যুগল কিশোৰ মহন্ত, অনুপম শর্মাৰ সাম্রাজ্যতো অভিযান চলাইছিল৷
নলবাৰীত কংগ্রেছ নেতা প্রদ্যুৎ ভূঞাৰ বাসভৱনত আয়কৰ বিভাগৰ অভিযান
আয়কৰ বিভাগৰ এটা দলে আজি প্রতিষ্ঠিত ব্যৱসায়ী তথা অসম প্রদেশ কংগ্রেছৰ অন্যতম সাধাৰণ সম্পাদক প্রদ্যুৎ ভূঞাৰ নলবাৰীৰ বাসভৱনত অভিযান চলোৱা ঘটনাই ৰাজনৈতিক মহলত ব্যাপক চর্চা লাভ কৰিছে৷ জানিব পৰা মতে, আজি পুৱা ৯ বজাৰে পৰা পাঁচজনীয়া অভিযানকাৰী দলটোৱে কংগ্রেছ নেতাগৰাকীৰ বাসভৱনত অভিযান চলায়৷ নলবাৰী আৰক্ষীৰ সহযোগত অভিযানকাৰী দলটোৱে এই বাতৰি লিখা পৰলৈকে অভিযান অব্যাহত ৰাখিছে৷ জানিব পৰা মতে, তেওঁৰ গুৱাহাটীৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহতো সমান্তৰালভাৱে চলি আছে এই অভিযান৷ অভিযান সন্দর্ভত অভিযানকাৰী দলটোৱে সংবাদ মাধ্যমৰ সন্মুখত কোনো কথাই ব্যক্ত নকৰাৰ লগতে কোনো লোককে বাসভৱনৰ ভিতৰত প্রৱেশ কৰিবলৈ দিয়া নাই৷ উক্ত সময়ত বাসভৱনত নাছিল পৰিয়ালৰ কোনো লোক৷ বন্ধ অৱস্থাত থকা বাসভৱনটো এজন যুৱকে খুলি দিয়ে আৰু আয়কৰৰ বিষয়াই পাছত তন্ন তন্নকৈ তালাচী চলায় যদিও এইপর্যন্ত কোনো আপত্তিজনক নথিপত্র উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে কংগ্রেছ নেতা ভূঞা নলবাৰী সমষ্টিৰ কংগ্রেছৰ বিগত নির্বাচনৰ প্রার্থী হোৱাৰ লগতে আগন্তুক নির্বাচনৰো টিকটৰ দাবীদাৰ৷ উল্লেখ্য যে কিছুদিন পূর্বে ডাঃ তপন ডেকা মালিকানাধীন নলবাৰী মেটাৰনিটী হাস্পতাল আৰু তেওঁৰ বাসভৱনত আয়কৰ বিভাগে তালাচী চলাইছিল৷
ঠিকাদাৰ বাবুল নাথৰ তেজপুৰৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান
তেজপুৰৰ প্রতিষ্ঠিত ঠিকাদাৰ বাবুল নাথৰ ঘৰত আজি আয়কৰ বিভাগে তালাচী অভিযান চলোৱা ঘটনাই চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মূলতঃ ৰে’ল বিভাগৰ ৰাষ্ট্রীয় পর্যায়ৰ আগশাৰীৰ ঠিকাদাৰ বাবুল নাথৰ তেজপুৰৰ আমবাগানস্থিত কার্যালয়ৰ লগতে এক্স পুলিচ লাইনস্থিত বাসগৃহত পৃথকে পৃথকে আজি সংশ্লিষ্ট বিভাগে চলায় এই অভিযান৷ অতি সংগোপনে পুৱাৰে পৰা চলোৱা আয়কৰ বিভাগৰ অভিযানকাৰী দলটোত এঘাৰগৰাকী বিষয়া থকাৰ কথা জানিব পৰা গৈছে৷ আনহাতে, দিল্লীৰ পৰা অহা উচ্চস্তৰীয় বিষয়াও আছে এই দলটোত৷ অভিযানৰ সময়ছোৱাত কার্যালয়ৰ কোনো কর্মচাৰীকে বাহিৰলৈ ওলাই অহাৰ অনুমতি প্রদান কৰা নাই দলটোৱে৷ ইফালে, বাসগৃহ লক্ষী ভৱনতো অভিযানৰ সময়ছোৱাত কোনো লোককে প্রৱেশ আৰু বাহিৰলৈ অহাৰ ক্ষেত্রত অনুমতি প্রদান কৰা নাই আয়কৰ বিভাগৰ দলটোৱে৷ বাসগৃহত চলোৱা অভিযানৰ সময়ছোৱাত আনকি মোতায়েন কৰে আৰক্ষী আৰু চি আৰ পি এফ৷ অভিযানকাৰী আয়কৰ বিভাগৰ দলটোৱে গোপনে চলোৱা অভিযানকালত আয়কৰ বিভাগীয় কেতবোৰ বিসংগতিপূর্ণ তথা গুৰুত্বপূর্ণ নথিপত্র জব্দ কৰা বুলি বিশেষ সূত্রে জানিব পৰা গৈছে৷ উল্লেখ্য যে অভিযানৰ সময়ছোৱাত ঠিকাদাৰ বাবুল নাথ কর্মসূত্রে শিলিগুৰিত থকা বুলি জানিব পৰা গৈছে৷