৩-ইডিয়টছ ছবিৰ ফুনচুখ ৱাংডু নহয়, বাস্তৱৰ সোনম ৱাংচুক আহি আছে অসমলৈ…

1 min read

অসমলৈ আহি আছে সোনম ৱাংচুক। আমিৰ খান অভিনীত জনপ্ৰিয় ছবি ৩ ইডিয়টৰ ৰাঞ্চো ওৰফে ফুনচুখ ৱাংডু চৰিত্ৰটোৰ নেপথ্যত থকা বাস্তৱ চৰিত্ৰ সোনম ৱাংচুক আহিব অসমলৈ।

বিটিআৰৰ অন্যতম শাসকীয় দল ইউ পি পি এলৰ আমন্ত্ৰণ ক্ৰমে অঞ্চলটোত দুদিনীয়া কাৰ্যসূচী লৈ আহিব ৱাংচুক। লাডাখৰ লেহ উপত্যকাৰ এগৰাকী সমাজকৰ্মী, শিক্ষা সংস্কাৰবিদ, উদ্ভাৱক সোনম ৱাংচুকে বিটিআৰ অঞ্চলৰ শিক্ষা ব্যৱস্থা পৰিদৰ্শনৰ লগতে তেওঁৰ দিহা-পৰামৰ্শ আগবঢ়াব।

পেছাত অভিযন্তা ৱাংচুকে লাডাখৰ শিক্ষাৰ্থীৰ শিক্ষা আৰু সাংস্কৃতিক উত্তৰণৰ হকে লোৱা বৈপ্লৱিক উদ্যোগৰ ফল আছিল ১৯৮৮ চনত তেওঁ প্ৰতিষ্ঠা কৰা Students’ Educational and Cultural Movement of Ladakh (SECMOL)।

বৰ্তমান প্ৰতিষ্ঠানটোৰ এগৰাকী প্ৰতিষ্ঠাপক সঞ্চালক ৰূপে কৰ্মৰত ৱাংচুকৰ বিটিআৰ ভ্ৰমণ অঞ্চলটোৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱাৰ লগতে দলটোৰ সভাপতি প্ৰমোদ বড়োৰ এনে উদ্যোগ প্ৰশংসিত হৈছে অসমবাসীৰ মাজত।

ৱাংচুকৰ আগমনৰ নিৰ্ধাৰিত তাৰিখ জানিব পৰা হোৱা নাই যদিও অতি সোনকালে তেওঁ বিটিআৰত পদাৰ্পণ কৰিব বুলি জানিব পৰা গৈছে।

You May Also Like

More From Author