বিটিআৰ আক্ৰাছুৰ সভাপতি সহ ২নেতাক বহিস্কাৰ…

1 min read

অন্তকলহত জৰ্জৰিত হৈ বহুধাবিভক্ত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ পিছত আন এক বিভাজনৰ দিশে সদৌ বিটিআৰ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ বিটিআৰ আক্ৰাছু। কাৰণ সদৌ বিটিআৰ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মণিৰাম ৰায়ৰ বিৰুদ্ধে সংগঠনৰ চাৰিখন জিলা সমিতিয়ে একনায়কত্বাবাদ তথা জাতীয় স্বাৰ্থক জলাঞ্জলি দি জাতি বিৰোধী ভূমিকা লোৱাৰ অভিযোগ উত্থাপন কৰি সংগঠনৰ সভাপতি পদৰ পৰা বহিস্কাৰ কৰা হয়।

 

সোমবাৰে সদৌ বিটিআৰ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বাপুকণ বৰ্মনৰ নেতৃত্বত আক্ৰাছুৰ এটা সজাতি দলে কাজলগাঁও স্থিত চিৰাং জিলাৰ প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি সদৌ বিটিআৰ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি মণিৰাম ৰায়ক বহিষ্কাৰ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। সংবাদমেলত সদৌ বিটিআৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বাপুকণ বৰ্মনে লগতে কয় যে স্বজাতিৰ অধিকাৰ আৰু উন্নয়নৰ হকে কাম কৰাৰ কৈ বিটিআৰ আক্ৰাছুৰ নেতৃত্ব বহন কৰা মণিৰাম ৰায়ে নিজৰ ব্যক্তিগত স্বাৰ্থ বাবে একনায়কত্বাবাদ তথা স্বেচ্ছাচাৰিতাৰে আক্ৰাছুক পৰিচালিত কৰিছিল। যিটো বিটিআৰ আক্ৰাছুৰ চাৰিখন জিলা সমিতিয়ে সহজভাৱে গ্ৰহণ কৰা নাছিল আৰু যাৰ কাৰণে মণিৰাম ৰায়ৰ দৰে স্বাৰ্থপৰ নেতাক সংগঠনৰ নেতৃত্বৰ পৰা অপসাৰণ কৰাৰ সিদ্ধান্ত কৰা হৈছে ।

আজিৰ মণিৰাম ৰায়ে যাতে নিজকে বিটিআৰ আক্ৰাছুৰ সভাপতি হিচাপে পৰিচয় নিদিয়ে বা সমাজেও যাতে গ্ৰহণ নকৰে তাৰ বাবে আহ্বান জনায়। উল্লেখযোগ্য যে মণিৰাম ৰায়ে বিটিআৰ আক্ৰাছুৰ নেতৃত্বত থকা সময়ত কোচ ৰাজবংশী জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ কোচিং বাবে চৰকাৰী টকা আত্মসাৎ কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীৰ জড়িয়তে বহু টকা আত্মসাৎ কৰা বুলি সংবাদমেল মন্তব্য কৰে বৰ্তমান বিটিআৰ আক্ৰাছুৰ সম্পাদক বাপুকন বৰ্মনে।

You May Also Like

More From Author