অসম সহ উত্তৰ-পূৰ্বাঞ্চলত মুষলধাৰ বৰষুণৰ সম্ভাৱনা; বতৰ বিজ্ঞান কেন্দ্ৰৰ এলার্ট জাৰি অসম আৰু দেশৰ ১১ ৰাজ্যত

1 min read

সম্প্ৰতি অসম সহ উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিকূল বতৰৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ৷ তীব্ৰ গৰমৰ মাজতে ইতিমধ্যে অসমৰ কেতবোৰ স্থানত ধুমুহা -বৰষুণৰ লগতে শিলাবৃষ্টিয়ে বহু অনিষ্ট সাধন কৰিছে ৷

বজ্ৰপাত আৰু প্ৰৱল ধুমুহাত বহু ঘৰ-দুৱাৰ ভঙাৰ লগতে কে’বাজনো লোক আহত হয় ৷ ইয়াৰ মাজতে আগন্তুক সপ্তাহত অসম,চুবুৰীয়া অৰুণাচল,ছিকিম আৰু পশ্চিমবংগ সহ দেশৰ এঘাৰ ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা ৷

একেদৰে দুই হিমালয়ান ৰাজ্য উত্তৰাখাণ্ড,হিমাচল প্ৰদেশ আৰু পঞ্জাৱত ঘন্টাত ৪০-৫০ কিঃমিঃ বেগত আহিব পাৰে ধুমুহা ৷ ৰাজস্থান আৰু হাৰিয়ানা,বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, উত্তৰ প্ৰদেশত বৃষ্টিপাতৰ আংশকা ব্যক্তি কৰি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট ৷

You May Also Like

More From Author