উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ নির্মাণ প্রকল্পৰ ঠিকা আবণ্টনৰ নামত ঠিকাদাৰী প্রতিষ্ঠানৰ পৰা ১ কোটি টকা উৎকোচ লোৱা ঘটনা সংক্রান্তত অভিযান চলাই চি বি আয়ে কালি এজন জ্যেষ্ঠ ৰে’ল বিষয়াসহ মুঠ পাঁচজন লোকক গ্রেপ্তাৰ কৰে৷ এই ঘটনা সংক্রান্তত ৰুজু কৰা এক গোচৰত চি বি আয়ে কালি অসম, ত্রিপুৰা, উত্তৰাখণ্ড, দিল্লী আৰু পশ্চিমবংগত অভিযান চলাই পাঁচ অভিযুক্তক গ্রেপ্তাৰ কৰাৰ লগতে প্রায় ২.৩৯ কোটি টকা, বহু পৰিমাণৰ অলংকাৰ আৰু নথিপত্র জব্দ কৰে৷ চি বি আইৰ জালত পৰা অভিযুক্তকেইজন হ’ল – উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মালিগাঁও মুখ্য প্রশাসনিক বিষয়া (নির্মাণ–২) মহেন্দ্র সিং চৌহান, উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ আগৰতলা কার্যালয়ৰ উপ–মুখ্য অভিযন্তা হেমচন্দ্র বৰা আৰু একেটা কার্যালয়ৰ সহকাৰী কার্যবাহী অভিযন্তা লক্ষ্মীকান্ত বার্মা অন্যতম৷
আনহাতে, এই ঘটনাত জড়িত গুৱাহাটীস্থিত ব্যক্তিগত খণ্ডৰ এটা কোম্পানীৰ এজন কর্মচাৰী, মহেন্দ্র সিং চৌহানৰ এজন সম্পর্কীয় লোকো আছে৷ আটাইকেইজন অভিযুক্তক আজি চি বি আইৰ কার্যালয়ত হাজিৰ কৰোৱা হয়৷ আটাইকেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা আৰু দুর্নীতি প্রতিৰোধ আইনৰ ধাৰা আৰোপ কৰা হৈছে৷ চি বি আইৰ সূত্রই জনোৱা মতে কালিৰ অভিযানকালত উপ–মুখ্য অভিযন্তা হেমচন্দ্র বৰা আৰু সহকাৰী অভিযন্তা লক্ষ্মীকান্ত বার্মাৰ বাসগৃহৰ পৰা ক্রমে ১৮.৫ লাখ আৰু ৬.৫ লাখ টকা জব্দ কৰে৷ সেইদৰে গুৱাহাটীস্থিত মুখ্য প্রশাসনিক বিষয়া মহেন্দ্র সিং চৌহানৰ বাসগৃহৰ পৰা ৫৪ লাখ আৰু ডেৰাডুনৰ পৰা ৬০ লাখ টকা চি বি আইৰ অভিযানকাৰী দলে জব্দ কৰে৷ জব্দ কৰা মুঠ ২.৩৯ কোটি টকাৰ ভিতৰত ঠিকাদাৰী প্রতিষ্ঠানৰ পৰা উৎকোচ লোৱা ১ কোটি টকাও আছে৷
উল্লেখ্য যে আটাইকেইজন ৰে’ল বিষয়াই উৎকোচ লাভৰ বাবে চৰকাৰী পদমর্যাদাৰ অপব্যৱহাৰ কৰিছিল৷ আনহাতে, মালিগাঁৱত কার্যনির্বাহ কৰা মুখ্য প্রশাসনিক বিষয়া মহেন্দ্র সিং চৌহানে ব্যক্তিগত কোম্পানীটোৰ সঞ্চালকে তেওঁৰ কর্মচাৰীজনৰ জৰিয়তে দিয়া ১ কোটি টকা উৎকোচ লৈছিল৷ মহেন্দ্র সিং চৌহানৰ হৈ তেওঁৰ ডেৰাডুনত থকা বাসগৃহত এজন সম্পর্কীয় লোকে এই ধন লৈছিল৷