নৱবৰ্ষৰ প্ৰথম দিনটোত স্বাস্থ্যখণ্ডলৈ আশাৰ বাৰ্তা, মুকলি হ’ল আই বেংক আৰু ছুপাৰস্পেচিয়েলিটী হাস্পতাল

1 min read

নৱবৰ্ষৰ আৰম্ভণিতে অসমৰ স্বাস্থ্যখণ্ডৰ বাবে এক সু-বতৰা। আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুকলি কৰা হ’ল আই বেংক আৰু ছুপাৰ স্পেচিয়েলিটী হাস্পতাল। জি এম চি এইচত প্ৰথমটো আই বেংক ৰূপে পৰিচিত এই বেংক উদ্বাধন কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ লগতে জি এম চি এইচ চৌহদত নিৰ্মিত ছুপাৰ স্পেচিয়েলিটী হাস্পতালখন মুকলি কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ক’ৰোনাৰ প্ৰকোপৰ সময়ত ইয়াক ক’ভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যবহাৰ কৰাৰ পিছত বৰ্তমান ক’ভিডৰ প্ৰকোপ নাইকিয়া হোৱাত আজি ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ মৰ্যাদা দিয়া হয়।

চিকিৎসালয়খনত আছে অক্সিজেনৰ সুবিধাসহ ১৮৬খন বিছনা, ৭১খন আই চি ইউযুক্ত বিছনা, ৬টা অত্যাধুনিক মডুউলাৰ অস্ত্ৰোপচাৰ কক্ষ, ১৪খন হিমডায়েলাইছিছ বিছনা, সুকীয়া পৰীক্ষাগাৰ যেনে, এক্স ৰে’-আল্ট্ৰাছাউণ্ড-চিটি স্কেন আৰু ইণ্টাৰভেঞ্চনেল ৰেডিঅ’লজী ইনভেষ্টিগেচনৰ ব্যৱস্থা। ইয়াৰ লগতে নিউৰ’ ছাৰ্জাৰী, পেডিয়েট্ৰিক ছাৰ্জাৰি আৰু ইউৰোল’জী বিভাগৰ বাবে অত্যাধুনিক সা-সৰঞ্জামেৰে পৰিপূৰ্ণ বহিঃবিভাগো থাকিব।

উল্লেখ্য হাস্পতালখন আল্ট্ৰা ভায়োলেট ৰশ্মিৰে বীজাণুমুক্ত কৰাৰ প্ৰক্ৰিয়াও আছে, কানাডাৰ পৰা অনা এই বীজাণুমুক্তকৰণ যন্ত্ৰৰে হাস্পতালখন সম্পূৰ্ণ বীজাণুমুক্ত কৰিব পৰা যাব। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যখণ্ডৰ বাবে আশাৰ বাৰ্তা কঢ়িয়াই অনা ছুপাৰ স্পেচিয়েলিটী হাস্পতালখনৰ প্ৰতিটো বিভাগ তথা পৰীক্ষাগাৰ চিকিৎসকসহ পৰ্যবেক্ষণ কৰে স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই।

You May Also Like

More From Author