অসমৰে এখন গাঁও য’ত আজিলৈকে কোনো এজন লোকেই আক্ৰান্ত হোৱা নাই কৰ’ণাত

1 min read

কৰ’ণা মুক্ত টীয়কৰ এখন গাঁৱে আদৰ্শ কঢ়িয়াইছে সকলোলৈ। এই মহামাৰীৰ পৰা নিজকে কেনেদৰে বচাই ৰাখিছে গাঁওবাসীয়ে ।‌‌‌‌‌‌‌কৰ’ণাৰ প্ৰথম লহৰৰ সময়টো এই গাঁৱত নাছিল এজনো কৰ’ণা আক্ৰান্ত লোক।

COVID-19 ৰ সংক্ৰমনে দেশত ভয়াবহ ৰূপ ধাৰন কৰাৰ সময়তে টীয়কৰ কৰ’ণা মুক্ত এখন বিশেষ গাঁৱে দৃষ্টি কাঢ়িছে সকলোৰে ৷

উল্লেখযোগ্য যে টীয়ক নগৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ নিলগত অবস্থিত এখন বিশেষ নৈ পৰীয়া গাঁও কাৱৈমাৰী গোঁহাই গাঁও প্ৰায় ৪০০ (চাৰিশ ঘৰ ) মানুহে বসতি কৰা এই বৃহত্তৰ গাঁওখনে মানৱ জাতিৰ এই মহামাৰীৰ সময়ত গাঁওবাসী একগোট হৈ এই ক’ভিডৰ বিৰূদ্ধে যি সংগ্ৰাম আৰম্ভ কৰিছে তাৰ বাবেই আজিও ক’ভিড মুক্ত হৈ আছে এই গাওঁখন ৷

বিগত বৰ্ষটো দেশত যি ক’ৰনাৰ প্ৰথম সংক্ৰমণন হৈছিল সেই সময়টো এইখন গাঁৱত নাছিল এজনো covid ৰোগী ৷ যি সময়ত এই গন সংক্ৰামন ৰোধৰ বাবে প্ৰশাসনে নতুন নতুন S.O.P আনিব লগা হৈছে ,মাস্ক পৰিধান নকৰিলে জৰিমনা ভৰিব লগা হৈছে সেই সময়ত এই ভিতৰুৱা গাঁৱখনৰ লোকসকলৰ সজাগতাই এক ইতিবাচক সংকেত কঢ়িয়াইছে ৷

উল্লেখ যোগ্য যে গাঁওখনত মাস্ক পৰিধানৰ বাবে বিশেষ সজাগতা অনাৰ প্ৰয়াস কৰিছে গাঁওৰক্ষী বাহিনীযে আৰু বিভিন্ন ৰাজহুৱা স্থান, দোকান আদিত সজাগতামূলক প’ষ্টাৰ লগোৱা দিখা গৈছে ৷গাঁওখনৰ উপপথবোৰ যাতে বাহিৰা মানুহে অহাযোৱা কৰিব নোৱাৰে তাৰ বাবেই বাঁহ বান্ধি দিয়া দেখা যায় ৷
গাঁওখনৰ যুৱ চাম আৰু বিশেষকৈ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত মাস্ক পৰিধান সামাজিক দূৰত্ব মানি চলা আৰু ক’ভিড প্ৰট’কল সম্পৰ্কে গাঁওবাসীক সজাগ কৰা দেখা গৈছে ৷ যাৰ ফলতেই গাঁওখন ক’ভিডৰ পৰা মুক্ত কৰি ৰাখিব পাৰিছ বুলি গাওঁবাসীয়ে দাবী কৰে ৷
দেশৰ এই জটিল সময়ত নিজৰ সাৱধানতা আৰু সজাগতাই যে এই মহামাৰীৰ পৰা নিজক বচাই ৰাখিব পৰা যায় সেইটো এক প্ৰকাৰে প্ৰমান কৰি ৰাজ্যবাসীৰ বাবে এক আদৰ্শ এৰা গৈছে ৷
source: Time8

You May Also Like

More From Author