শীঘ্ৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি দিয়া হব বৃহৎ সংখ্যক যুৱক-যুৱতীক।
বিভাগটোত ২৬৫৪ টা স্থায়ী আৰু অস্থায়ী পদ খালী হৈ আছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা ১ লাখ যুৱক-যুৱতীলৈ চাকৰিৰ অংশ হিচাপে এই পদসমূহ পূৰণ কৰিব বিভাগটোৱে। এক সংবাদমেলত এই কথা সদৰী কৰিছে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে।
উল্লেখ্য যে এই পদসমূহৰ ভিতৰত গ্ৰেড-৩ত খালী হৈ আছে ১০০৪ টা স্থায়ী, ১৩০০ টা পদ ঠিকাভিত্তিক আৰু ৩৫০ টা পদ গ্ৰেড-৪ত খালী হৈ আছে। শীঘ্ৰে এই ২৬৫৪ টা পদত নিযুক্তি দিয়া হ’ব বুলি আজি সংবাদমেলযোগে মন্ত্ৰী ৰঞ্জিত দাসে মন্তব্য কৰে।
মন কৰিবলগীয়া যে বিধানসভা নির্বাচনত প্রতিবছৰে এক লাখ যুৱক–যুৱতীক নিযুক্তি দিয়াৰ বাবে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে প্রতিশ্রুতি দাঙি ধৰিছিল৷