চন্দ্রপুৰৰ কলং নৈত ডুবিল আভ্যন্তৰীণ জল পৰিবহণৰ জাহাজ

1 min read

এইবাৰ ব্ৰহ্মপুত্ৰত ডুবিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ জাহাজ । চন্দ্ৰপুৰৰ কাজলীচকীত সংঘটিত হৈছে এই অঘটন । ব্ৰহ্মপুত্ৰৰ পাৰত ৰখাই থোৱা টিএফ তৰা অসম নামৰ জাহাজখন বুৰ গ’ল শনিবাৰে নৈ পানীত । উল্লেখযোগ্য যে, আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ এই জাহাজখন দীৰ্ঘ সময়ৰ পৰা চন্দ্ৰপুৰৰ কাজলীচকী ঘাটত পৰিতক্ত অৱস্থাত ৰাখি থোৱা আছিল ৷ মনকৰিবলগীয়া যে, জাহাজখন চোৱা চিতা কৰাৰ বাবে ১২ গৰাকী কৰ্মচাৰী নিয়োগ কৰিছিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৷

জানিব পৰা মতে, ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িবলৈ ধৰাৰ পাচতো জাহাজখন মেৰামতি নকৰাৰ লগতে সুৰক্ষিত স্থানলৈ নিয়াৰ ব্যৱস্থা নকৰাৰ বাবে আজি পানীত বুৰ যোৱাৰ উপক্ৰম হ’ল জাহাজ খন ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ঘাটত লাগি থকা জাহাজখন চাবলৈ কোনো দিনেই নাহে বিভাগীয় কৰ্মচাৰী । তাৰপাচতে শনিবাৰে জাহাজ খন পানীত ডুবাৰ খবৰ পাই একাংশ কৰ্মচাৰী ঘটনাস্থলীলৈ আহে যদিও সাংবাদিকক দেখি পলাই পত্ৰং দিয়ে ঘটনাস্থলীৰ পৰা ।

আনহাতে জাহাজ খন পানীত ডুব যোৱা এদিন পাচতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰী জাহাজখন উদ্ধাৰ কৰিবলৈ আহে যদিও একাংশ বিষয়াই নৈ পাৰতে বহি সময় অতিবাহিত কৰে । একেদৰে আন একাংশই আকৌ সুৰাপান কৰি সময় নষ্ট কৰি থকা পৰিলক্ষিত হয় । এতিয়া প্ৰশ্ন হয় চৰকাৰৰ এটা ব্যাগোম বিভাগ থকাৰ পাচতো আজি এনেদৰে কিয় কাৰ ভুলৰ বাবে এখন কোটি টকিয়া জাহাজ এনেদৰে বিভাগটোৰ গাফিলতিৰ বাবে ধ্বংস হ’বলগীয়া হৈছে তাক লৈও প্ৰশ্নৰ অৱতাৰণা কৰিছে স্থানীয় একাংশ সচেতন লোকে ৷ETV

You May Also Like

More From Author