যুগ্ম–যুগ্ম ৰোল নম্বৰেৰে শিক্ষার্থী নিয়ন্ত্রণ সমিতি গঠনৰ পৰামর্শ

1 min read

ক’ভিডসৃষ্ট পৰিস্থিতিত নিম্ন প্রাথমিক বিদ্যালয়ৰ শিশুসকলক কেনেদৰে শিক্ষা প্রদান কৰিব পৰা যাব, তাৰ এক পৰিকল্পনা যুগুত কৰি শিক্ষামন্ত্রীলৈ প্রেৰণ কৰিছে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে৷ সন্মিলনীৰ ভাৰপ্রপ্ত সভাপতি আনোৱাৰ হুছেইন আৰু প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে এক বিজ্ঞপ্তিত কয় যে প্রাথমিক বিদ্যালয়ৰ ক’ৰোনাকালৰ শিক্ষা যদিহ উচ্চ পর্যায়ৰ বিদ্যালয়ৰ দৰে একে চিন্তাৰে নীতি নির্ধাৰণ কৰা হয়, তেন্তে কেতিয়াও শিক্ষার্থী উপকৃত নহ’ব৷ যিহেতু শিশুৰ সুৰক্ষাৰ স্বার্থত ক’ৰোনা সংক্রমণৰ আৰম্ভণি হ’লেই প্রাথমিক বিদ্যালয় বন্ধ কৰিব লগা হয় বা সংক্রমণ কমিলেও সকলোৰে অন্ততহে প্রাথমিক বিদ্যালয় খোলাৰ অনুমতি দিব পৰা হয়, গতিকে বিদ্যালয় খুলিব পৰা আৰু বন্ধ ৰাখিব লগা দিন হিচাপে দুটা পর্যায়ত বিভক্ত কৰিহে পৰিকল্পনা গ্রহণৰ প্রয়োজন আছে৷

সন্মিলনীৰ তৰফৰ পৰা ক’ৰোনা কালত বিদ্যালয় খোলা ৰাখিব পৰা দিনৰ শিক্ষা কেনেকৈ চলিব তাৰ পৰিকল্পনা প্রকাশ কৰি কয়– ‘যিহেতু ছাত্র–ছাত্রীৰ সংখ্যা আৰু বিদ্যালয়ৰ শ্রেণীকোঠাৰ ব্যৱস্থাপনা প্রতি বিদ্যালয়ত পৃথক, গতিকে কোনো কাৰণতে একেটা নির্দেশনাৰে ৰাজ্যৰ সকলো স্থানৰ বাবে একে নিয়ম প্রযোজ্য কৰিব নোৱাৰি৷ ইয়াৰ বাবে খণ্ড প্রাথমিক শিক্ষা বিষয়াক বিশেষ ক্ষমতা প্রদানেৰে বিষয়াগৰাকীৰ নেতৃত্বত প্রতি গাঁও–ৱার্ডত পাঠদানৰ নীতি প্রস্তুত কৰাৰ বাবে একোখন সমিতি গঠন কৰি দিয়াৰ প্রয়োজনীয়তা আছে৷ নির্দিষ্ট বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রীস লগতে পঞ্চায়ত ৱার্ডৰ সদস্য, এগৰাকী অৱসৰপ্রাপ্ত  শিক্ষক–কর্মচাৰী, গাঁওবুঢ়া, স্থানীয় শিক্ষিত যুৱক দুজনক লৈ পাঁচজনীয়া সমিতি গঠন কৰিব পাৰে৷ সমিতিখনে নির্ধাৰণ কৰা নীতি–নিয়ম জিলা শিক্ষা বিষয়া আৰু জিলা স্বাস্থ্য বিষয়াৰ দ্বাৰা অনুমোদন কৰি লোৱাৰ ব্যৱস্থা কৰিব লাগে৷ ইয়াৰ বাবে আগতীয়াকৈ পৰিকল্পনা গ্রহণ কৰি যাৱতীয় নির্দেশনা প্রকাশ কৰাৰ পৰামর্শ প্রদান কৰে৷’

তদুপৰি সন্মিলনীয়ে প্রতি গাঁও সমিতিয়ে বিদ্যালয় খুলিব পৰা অৱস্থাত প্রাথমিক বিদ্যালয়সমূহৰ শ্রেণী ব্যৱস্থাপনা এদিন বাদে এদিন পাঠদানৰ ব্যৱস্থা কৰা, বেছি ছাত্র–ছাত্রী থকা বিদ্যালয়ত এদিনত এটা শ্রেণীৰ পাঠদান কৰা, পুৱা–আবেলি ধৰণে শ্রেণী সজাই পাঠদান আগবঢ়াই নিয়া, যুগ্ম আৰু অযুগ্ম ৰোল নম্বৰৰ সহায়ত ছাত্র–ছাত্রীৰ সংখ্যা নিয়ন্ত্রণ কৰা আদি কৌশল গ্রহণ কৰিব পাৰিব৷ জ্ঞান বিতৰণৰ বাবে শিক্ষকসকলে কর্মপত্রৰ ব্যৱস্থা কৰিব পৰাকৈ পুঁজি যোগান ধৰাৰ বাবে শিক্ষামন্ত্রীলৈ অনুৰোধ জনাইছে৷ প্রধান সম্পাদক গোস্বামীয়ে কয়– ‘শিক্ষাবর্ষটোৰ বেছিভাগ সময় বিদ্যালয় বন্ধ, গতিকে পাঠ সংকোচন অপৰিহার্য৷ পাঠ সংকোচনৰ ক্ষেত্রত শ্রেণী অনুসৰি পাব লগা অর্হতাৰ লগতে লিখন, পঠন আৰু সংখ্যা জ্ঞানৰ অর্হতা ৰক্ষা কৰাৰ ক্ষেত্রত সূক্ষ্ম নজৰ ৰাখিব লাগিব৷ মূল্যায়ন মৌখিক আৰু লিখিত দুয়ো প্রকাৰে কৰিব লাগিব৷ স্বাস্থ্য বিধি ৰক্ষাৰ প্রয়োজনত প্রতি দুদিনৰ মূৰত বিদ্যালয় শোধন কৰা, হস্ত পক্ষালন আৰু মুখাৱৰণ পৰিধানৰ বাবে প্রতি বিদ্যালয়ক পর্যাপ্ত সামগ্রী যোগান ধৰাৰ ব্যৱস্থা কৰাৰ লগতে প্রতি বিদ্যালয়ত চিত্র সম্বলিত সজাগতামূলক বেনাৰ আঁৰি দিয়াটো বাধ্যতামূলক কৰাৰ উপৰি মাতৃ গোট, বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে প্রতি সপ্তাহত সজাগতাৰ বাবে ভিন্ন অনুষ্ঠানৰ আয়োজন কৰিব লাগিব৷’

আনহাতে, ক’ৰোনা কালত বিদ্যালয় বন্ধ ৰাখিব লগা হোৱা দিনৰ শিক্ষা সন্দর্ভত পৰিকল্পনা প্রকাশ কৰি কয় যে ক’ৰোনা সংহাৰৰ সময়ছোৱাত ৰাজ্যৰ শিক্ষা বিভাগৰ পৰা অনলাইন ক্লাছৰ কথা কোৱা হৈছে যদিও তথ্যমতে চৰকাৰী প্রাথমিক বিদ্যালয়ৰ মুঠ শিক্ষার্থীৰ মাত্র বিশ শতাংশৰ হাততহে অনলাইন ক্লাছ কৰিব পৰাকৈ সাধন আছে৷ তাৰ উপৰি ক, প্রথম আৰু দ্বিতীয় শ্রেণীৰ শিশুসকলৰ বাবে এয়া কোনো কাৰণতে ফলদায়ক ব্যৱস্থা নহয়৷ সাধন উপলব্ধ তৃতীয়, চতুর্থ আৰু পঞ্চম শ্রেণীৰ শিশুসকলৰ ক্ষেত্রতহে কিছু ফল লাভৰ আশা কৰিব পাৰি৷ আকৌ বিদ্যালয়ৰ দূৰণিবটীয়া শিক্ষক–শিক্ষয়িত্রীস বিদ্যালয়ে সামৰা গাঁৱলৈ আহিবলৈ সুযোগ নাথাকে, তেনে পৰিপ্রেক্ষিতত ক’ৰোনা সংহাৰৰ ফলত বিদ্যালয় বন্ধৰ সময়ছোৱাত শ্রেণী ব্যৱস্থাপনা, জ্ঞান বিতৰণ আৰু মূল্যায়নৰ বাবে গ্রহণ কৰিব পৰা সবাতোকৈ সহজ আৰু ফলপ্রসূ ব্যৱস্থাৰেহে পাঠদান অব্যাহত ৰাখিব লাগিব৷

সন্মিলনীৰ নেতৃদ্বয়ে শিক্ষামন্ত্রীলৈ প্রেৰণ কৰা পত্রত কয় যে ইতিমধ্যে শিক্ষা বিভাগৰ হাতত প্রতিটো চুবুৰিৰ চাৰিৰ পৰা চৈধ্য বছৰৰ শিশুৰ তালিকা প্রস্তুত হৈ আছে৷ একেদৰে সকলো শিক্ষকৰে প্রকৃত বাসস্থানৰ তথ্য বিভাগৰ গাতত আছে৷ খণ্ড ভিত্তিত সেই তালিকা অনুসৰি কোন বিদ্যালয়ৰ শিক্ষক তাক বিচাৰ নকৰি শিক্ষকগৰাকীৰ বাসস্থানৰ আধা কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত থকা প্রাথমিক বিদ্যালয়ৰ শিশুসকলৰ শিক্ষাৰ দায়িত্ব অর্পণ কৰা হওক৷ নির্দিষ্ট এলেকাৰ শিক্ষকৰ হাতত শিশুসকলৰ নাম তালিকা অর্পণ কৰাৰ ব্যৱস্থা কৰা হওক৷ শিক্ষকগৰাকীয়ে প্রয়োজন অনুসৰি তথ্য কর্মপত্র, টোকা, কাৰিকৰী কর্ম,(Work sheet, Notes, Activity work) আদান–প্রদানৰ বাবে নিজ এলেকাৰ যুৱকক সহায়ক হিচাপে লোৱাৰ অনুমতি দিয়া হওক৷ ইয়াৰ তথ্য বিভাগীয় কার্যালয়ত জমা দিয়াৰ নির্দেশনা দিয়া, শিশুগৰাকী যি বিদ্যালয়ৰ, সেই বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রীক অগ্রগতিৰ খতিয়ান, শিকন তথ্য প্রদানৰ আভ্যন্তৰীণ ব্যৱস্থা কৰা আৰু বিভাগীয়ভাৱে তথ্য প্রস্তুত আৰু যোগানৰ বাবে আর্থিক সাহায্য প্রদানৰ ব্যৱস্থা কৰাৰো তেওঁলোকে অনুৰোধ জনায়৷

আনহাতে যদি কোনো এলেকাত শিক্ষক নাথাকে, তেন্তে সেই এলেকাত স্থানীয় শিক্ষিত যুৱক–যুৱতীক অস্থায়ী ৰূপত নিয়োগ কৰাৰো পৰামর্শ আগবঢ়াইছে সন্মিলনীয়ে৷ আনহাতে নিজ নিজ বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলৰ সৈতে যথাসম্ভৱ সকলো অনলাইন প্রক্রিয়া সমানে পৰিচালনা কৰি নিয়াৰ উপৰি ৰাজ্য চৰকাৰে প্রতি শিশুলৈ একোটা ৰেডিঅ’ প্রদান কৰি, শিশুসকল যাতে ড্রপ আউট হ’ব নোৱাৰে, তাৰ বাবে ৰেডিঅ’যোগে অনুপ্রেৰণামূলক কার্যসূচী চলাই যোৱাৰ পৰামর্শ প্রদান কৰি প্রধান সম্পাদক গোস্বামীয়ে বিবৃতিত কয়– ‘ৰাজ্যৰ প্রাথমিক বিদ্যালয়ৰ বাস্তৱ সুবিধা–সুবিধাসমূহ গুৰুত্ব নিদি আদেশৰ ওপৰত আদেশ উলিয়াই থাকি কিবা কৰিছোঁ বুলি আত্মসন্তুষ্টি ল’ব পৰা যাব, কিন্তু বাস্তৱত ছাত্র–ছাত্রীক উপকৃত কৰিব পৰা নাযাব৷ সন্মিলনীয়ে আশা কৰে যে নতুন শিক্ষামন্ত্রীয়ে বাস্তৱতাক স্বীকাৰ কৰি সন্মিলনীৰ পৰামর্শ কার্যকৰী কৰাৰ ব্যৱস্থা গ্রহণ কৰিব৷’

You May Also Like

More From Author