ঠেলাত চিকিৎসালয়লৈ প্ৰেৰণ গৰ্ভৱতী মহিলাক

1 min read

ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ নামত, জন-জাতিক সুৰক্ষিত কৰাৰ নামত কিমান শৰাধ কৰিব চৰকাৰী ধন? ৰাজ‍্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে স্বায়ত্ব শাসনৰ ব‍্যৱস্থা কৰিছে যদিও কিমান সফল এই ব‍্যৱস্থা? বছৰ-বছৰ ধৰি নগাঁও জিলাৰ সীমামূৰীয়া কাৰ্বি-আংলং জিলাৰ বহু অঞ্চলৰ বাট-পথ, স্বাস্থ‍্য-শিক্ষা উন্নয়নৰ যি স্বৰূপ, সেই উন্নয়নে কাৰ্বি ৰাইজক জীয়াতু ভোগাই আহিছে।
নগাঁও কাৰ্বি-আংলং সীমান্তৱৰ্তী ৰংবং ৱেৰ অঞ্চলৰ বাট-পথৰ শোচনীয় অৱস্থাৰ বাবেই এই গাঁওখনলৈ আহিব নোৱাৰে এম্বুলেঞ্চ।

বছৰ বছৰ ধৰি যাতায়তৰ নামত যমৰ-যাতনাৰ সন্মুখীন হৈ আহিছে  ৰংবং ৱে অঞ্চলৰ জনসাধাৰণে। ৰাস্তা-ঘাট, দলঙকে ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত ৰংবং ৱে অঞ্চলৰ জনসাধাৰণে বছৰ বছৰ ধৰি ভুগিব লগা হৈছে যমৰ-যাতনা।
ফলত যাতায়তৰ বাবে অচল হৈ থকা পথেৰে এম্বুলেঞ্চ আহিব নোৱাৰাত স্বামীয়ে নিজ পত্নীৰ প্ৰসৱ বেদনা সহিব নোৱাৰি এখন ঠেলাৰ  উঠাই লৈ আনে জখলাবন্ধা চিকিৎসালয়লৈ। এগৰাকী গৰ্ভৱতী মহিলাক ঠেলাত উঠাই চিকিৎসালয়লৈ লৈ অনা দুখ লগা দৃশ্যই কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দিয়া পৰিলক্ষিত হয়।
উল্লেখযোগ‍্য যে, কাৰ্বি জনজাতিৰ সামগ্ৰীক উন্নয়নৰ বাবে গঠন কৰা কাৰ্বি-আংলং স্বায়ত্ব পৰিষদৰ সীমান্তৱৰ্তী কাৰ্বি জনসাধাৰণ প্ৰতি খোজতে উন্নয়নৰ পৰা বঞ্চিত হৈ আহিছে।  কাৰ্বি-আংলং স্বায়ত্ব পৰিষদ সমষ্টি চুচেংঢেন্তাৰ সদস‍্যা কাচ্ছেৰ ৰংপিপীৰ উন্নয়নৰ নমুনাই তাকে প্ৰমাণ কৰে।

You May Also Like

More From Author