মেট্রিকত শিক্ষার্থীক ষ্টাৰ–ডিষ্টিংচনৰ নামত ধন সংগ্রহঃ বিদ্যালয়সমূহৰ পৰিদর্শকসহ ৪ বিষয়া–কর্মচাৰীক জেৰা

1 min read

বিকল্প মূল্যায়ন পদ্ধতিৰ নামত ধন ঘটাত নামিছে একাংশ শীর্ষ বিষয়া৷ মেট্রিকত ষ্টাৰ, ডিষ্টিংচন প্রদানৰ প্রলোভনেৰে বহু শিক্ষা বিষয়াই শিক্ষার্থীৰ অভিভাৱকৰ পৰা বৃহৎ পৰিমাণৰ উৎকোচ সংগ্রহ কৰাৰ লজ্জাজনক ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে৷ এনে দুষ্কার্যত জড়িত চাৰি শিক্ষা বিষয়াক শনিবাৰে আৰক্ষীয়ে জেৰা কৰাৰ লগতে তেওঁলোকৰ ম’বাইল ফোন, নথি–পত্র আদি জব্দ কৰে৷ জেৰাৰ সন্মুখীন হোৱা শিক্ষা বিষয়া–কর্মচাৰীকেইজন হৈছে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শক মাধৱ ডেকা, শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া তথা ছেবাৰ সমন্বয়ক ফুলপাহি নাথ, শিক্ষা পৰিদর্শকৰ কার্যালয়ৰ কর্মচাৰী প্রশান্ত নাথ আৰু চতুর্থবর্গৰ কর্মচাৰী শিৱেশ্বৰ নাথ৷

উল্লেখ্য যে শনিবাৰে কামৰূপ জিলাৰ সংহত উপায়ুক্ত কার্যালয়ৰ চৌহদত থকা স্কুলসমূহৰ পৰিদর্শকৰ কার্যালয়ত কামৰূপ আৰক্ষী অধীক্ষকৰ কার্যালয়ৰ পৰা যোৱা বৃহৎ দল এটাই প্রায় চাৰি ঘণ্টা অভিযান চলাই বহুতো নথি–পত্র আৰু সামগ্রী জব্দ কৰে৷

অভিযোগ অনুসৰি, এইবাৰ মেট্রিক পৰীক্ষাত ধনৰ বিনিময়ত ছাত্র–ছাত্রীক পৰীক্ষাত ভাল নম্বৰ দিয়াৰ নামত বৃহৎ ধনৰ লেনদেন হৈছিল উক্ত কার্যালয়টোত৷ ধনৰ বিনিময়ত মেট্রিকত ষ্টাৰ, ডিষ্টিংচন, প্রথম বিভাগ, লেটাৰ আদি দিয়াৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হৈছিল৷ মেট্রিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগতে মূল্যায়নৰ ক্ষেত্রত এই বৃহৎ কেলেংকাৰিয়ে ৰাইজৰ চকু কপালত তুলিছে৷

উক্ত কেলেংকাৰি সন্দর্ভত তালাচী চলোৱাৰ পাছত কামৰূপ জিলা আৰক্ষীয়ে সোধা–পোছাৰ বাবে আৰক্ষী অধীক্ষকৰ কার্যালয়লৈ নিয়ে স্কুলসমূহৰ পৰিদর্শক মাধৱ ডেকা, শিক্ষা বিভাগৰ জিলা আঁচনি বিষয়া তথা ছেবাৰ সমন্বয়ক ফুলপাহি নাথ, কার্যালয়টোৰ কর্মচাৰী প্রশান্ত দাস আৰু চতুর্থ বর্গৰ কর্মচাৰী শিৱেশ্বৰ নাথক৷ অভিযান কালত আৰক্ষীয়ে জব্দ কৰিছে কেইবাটাও লেপটপ, বহুকেইটা ম’বাইল ফোন আৰু বহু নথি–পত্রৰ উপৰি নগত ধন৷ বর্তমান আৰক্ষী অধীক্ষকৰ কার্যালয়ত তেওঁলোকক পৃথকে পৃথকে মাৰাথন জেৰা কৰি থকা বুলি জানিব পৰা গৈছে৷

 

You May Also Like

More From Author