কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে খড়্গগ্ৰস্ত ৰকিবুল হুছেইন

0 min read

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে শেহতীয়াকৈ ধুবুৰীৰ এআই ইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা বাবে খড়্গগ্ৰস্ত হৈ পৰিছে ৰকিবুল হুছেইন ।

ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজৰ ১৬৭ পৃষ্ঠাজোৰা অভিযোগ সম্বলিত এখন আবেদন আজি বিধানসভাৰ অধ্যক্ষক দাখিল কৰে ৷

দলবিৰোধী কাৰ্যত লিপ্ত হোৱা কংগ্ৰেছৰ নিলম্বিত বিধায়ক গৰাকীৰ পদ খাৰিজৰ বাবে ৰকিবুল হুছেইনৰ নেতৃত্বত যোৱা বিধায়ক সকলে অধ্যক্ষক আহ্বান জনাই ৷

You May Also Like

More From Author