বানত বুৰ গ‘ল হাফলং চহৰ !

1 min read

ৰাজ্যৰ পাহাৰীয়া জিলা ডিমা হাচাওত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। বিগত কে”বাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ভিন্নস্থানত ভূমিস্খলন আৰু পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে বুৰাই পেলাইছে বহু পথ ৷ ছিন্ন-বিচিন্ন কৰিছে ৰাস্তা-ঘাট ৷ এনে অপৰিৱৰ্তীত পৰিস্থিতিৰ বাবে ইতিমধ্যে ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা ।

আনহাতে মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানত বুৰ গৈছে পাৰ্বত্য জিলা খনৰ সদৰ হাফলং চহৰ ৷ হাফলং বজাৰৰ ভিন্নপ্ৰান্তত সৃষ্টি কৃত্ৰিম বানৰ ৷ পথৰ ওপৰত একাঁঠু পানী, খহি পৰিছে ঘৰ-দুৱাৰ ৷ নেৰানেপেৰা বৰষুণৰ ফলত ডিমা হাছাওত অবৰ্ণনীয় পৰিস্থিতি ৷ নেৰানেপেৰা বৰষুণৰ ফলস্বৰূপে জলস্তৰ বৃদ্ধি পাইছে জাতিংগা নৈৰ ৷ বিপদসীমা অতিক্ৰম কৰিলেই জিলা খনৰ অৱস্থা জটিল হোৱাৰ সম্ভাৱনা আছে ৷

ইপিনে,প্ৰতিকুল বতৰৰ বাবে পাৰ্বত্য জিলা খনৰ বিদ্যালয়-কলেজ সহ সকলোবোৰ চৰকাৰী- বেচৰকাৰী শিক্ষানুষ্ঠান চাৰি মে’লৈ বন্ধ ঘোষণা কৰিছে জিলা আয়ুক্ত আৰু পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিবে ৷

একেদৰে জাতিংগা-হাৰাংগাজাও সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি আৱেলি চাৰি বজাৰ পৰা যানবাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে।

আনহাতে ,বতৰ বিজ্ঞান বিভাগে জিলাখনত ছয় মে’লৈ মুষলধাৰ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে |

You May Also Like

More From Author