বৃটিছ শাসনৰ কালছোৱাত ভাৰত চৰকাৰৰ “ইষ্টাৰ্ণ বেংগল ফ্ৰণ্টিয়াৰ ৰেগুলেচন এক্ট ১৮৭৩” পৱৰ্তন কৰি গাৰোপাহাৰ, খাছী আৰু জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, কামৰূপ, দৰং, শিৱসাগৰ, নগাওঁ, লখিমপুৰ আদি সামৰি আন্তঃৰাজ্যিক পাৰপত্ৰ পৱৰ্তন কৰিছিল । কিন্তু ভাৰত স্বাধীন হোৱাৰ লগে লগে এই আইন সংশোধন কৰি অসমৰ পৰা এই আইন প্ৰত্যাহাৰ কৰি বিদেশীৰ চৰণীয়া পথাৰলৈ ৰূপান্তৰীত কৰিছে । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে দীৰ্ঘদীন ধৰি এই আইন অসমত পূনৰ প্ৰৱৰ্তন কৰি অসমৰ থলগিৰিসকললৈ অহা ভয়ঙ্কৰ পৰিস্থিতি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনাই অহা সত্ত্বেও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, তিনিচুকীয়া জিলা সমিতিৰ আহ্বান মৰ্মে ডুমডুমা আৰু কাকপাথৰ আঞ্চলিক সমিতিৰ উদ্যোগত অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তণৰ দাবীত আজি তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্ত ডিৰাক গেটত প্ৰতিকী চেকগেটত অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ প্ৰৱেশ কৰা প্ৰতিখন গাড়ীৰ নাম পঞ্জীয়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । লগতে চলিত মাহৰ ২৩ তাৰিখে অসম অৰুণাচল সীমা জাগুণত ২৫ তাৰিখে বৰডুমছাত ২৭ তাৰিখে শদিয়াত আৰু ৩০ তাৰিখে মাৰ্ঘেৰিটাত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক সুৰজিৎ মৰাণে জানিবলৈ দিছে ।
ডিৰাক গেটত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ‘প্ৰতিকী চেকগেট’
Posted on by GTM Desk
1 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025