’২৩ চনৰ ভিতৰত পেট্র’ল ডিজেলত হ’ব ২০% ইথানল মিশ্রণ

0 min read

শক্তি আৰু পৰিবহণ খণ্ডত জৈৱিক ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ কেবিনেটে অনুমোদন জনাইছে অসম ইথানল উৎসাহন নীতিত৷ ২০২৩ চনৰ ভিতৰত পেট্র’ল–ডিজেলত ২০ শতাংশ ইথানল মিশ্রিত কৰি বিক্রী কৰাৰ বাবে লক্ষ্য বান্ধি লোৱা এই নীতিৰ অধীনত নতুনকৈ ইথানল প্রস্তুত প্রকল্প স্থাপনৰ বাবে আগ্রহীসকলক উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রদান কৰিব বিত্তীয় সাহায্য৷ ইথানল উৎপাদনৰ বাবে প্রকল্প স্থাপন কৰিব বিচৰা উদ্যোগীসকলক ৭টা উদ্গনিমূলক আর্থিক সাহায্য প্রদান কৰিব ৰাজ্য চৰকাৰে৷

বৃহস্পতিবাৰে গুৱাহাটীস্থ তাজ ভিভাণ্টা হোটেলত এখন সংবাদ মেলত এই কথা সদৰী কৰে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ বিহাৰৰ পিছত ইথানল উৎপাদন উৎসাহন নীতি গ্রহণ কৰা অসম দ্বিতীয়খন ৰাজ্য বুলি প্রকাশ কৰি তেওঁ কয় যে ভাৰত চৰকাৰৰ পেড্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ে জৈৱিক হন্ধন সন্দর্ভত এক ৰাষ্ট্রীয় নীতি ২০১৮ (এনবিপি ২০১৮) গ্রহণ কৰিছিল, যাৰ উদ্দেশ্য হৈছে শক্তি আৰু পৰিবহণ খণ্ডত জৈৱিক হন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰা৷ ২০২০–২১ বর্ষত ভাৰতৰ পেট্ৰ’লিয়ামৰ মুঠ আমদানি আছিল ১৮৫ নিযুত মেট্ৰিকটন, যাৰ মূল্য আছিল ৫৫ বিলিয়ন আমেৰিকান ডলাৰ৷ ইয়াৰ সিংহভাগ পৰিবহণ খণ্ডত ব্যৱহাৰ হৈছিল৷ তেনে ক্ষেত্রত পেট্ৰল বা ডিজেলৰ দৰে হন্ধনৰ সৈতে ষ্টক মিশ্রণ হিচাপে ইথানলৰ দৰে জৈৱ হন্ধনৰ ব্যৱহাৰক উদগনি দিলে নিশ্চিতভাৱে পেট্ৰ’লিয়াম খণ্ডত আমদানিৰ ফলতহোৱা ফৰেক্স ৰিজার্ভ আৰু ৰাজহুৱা কোষাগাৰৰ ব্যয় হ্রাস হ’ব৷ পেট্ৰলৰ সৈতে ইথানলৰ মিশ্রণে যান–বাহনৰ পৰা হোৱা প্রদূষণো হ্রাস কৰিব৷

তদুপৰি শক্তিখণ্ডত ইথানলৰ বর্ধিত ব্যৱহাৰে স্থানীয় ডদ্যোগ আৰু কৃষকসকলক অধিক কার্যকৰীভাৱে শক্তি অর্থনীতিত অংশগ্রহণ কৰিবলৈ সক্ষম কৰাব৷ নীতি আয়োগেও ২০২০–২৫ বর্ষত ভাৰতত ‘ইথানল মিশ্রণ’ৰ বাবে এক বিতং ৰোডমেপ প্রস্তুত কৰিছে৷ সকলো তেল কোম্পানীয়ে ২০২৩ চনৰ ১ এপ্রিলৰ পৰা ২০ শতাংশ ইথানল মিশ্রিত পেট্ৰল (ইবিপি) বিক্রী কৰিব লাগিব৷ ইথানল প্রকল্প সন্দর্ভত মন্ত্রী পাটোৱাৰীয়ে কয় যে ইথানল প্লাণ্টসমূহ মূলতঃ ৩ প্রকাৰৰ ৷ জি ১, যাক মানুহে ভক্ষণ কৰিব পৰা ‘বায়মাছ’ যেনে– গুড়, নষ্ট হোৱা খাদ্যশস্য আদিৰ পৰা হথানল প্রস্তুত হয় জি ২, যাক খোৱাৰ অযোগ্য চেলুল’জযুক্ত বায়মাছ যেনে– কাঠ, বাঁহ, নৰা, প্লাষ্টিকৰ আৱর্জনা আৰু গোটা আৱর্জনাৰ পৰা হথানল উৎপাদন কৰা হয়, আৰু জি ৩, যাক শেলাইৰ পৰা ডৎপাদন কৰা হয়৷ প্রচুৰ পৰিমাণে কুঁহিয়াৰ উৎপাদন আৰু ভাৰতীয় খাদ্য নিগমৰ পৰা মানুহে খোৱাৰ অনুপোযোগী হোৱা খাদ্য–সামগ্রীৰ যোগানে ৰাজ্যখনত ইথানল প্রকল্প স্থাপনত সহায় কৰিব৷

উত্তৰ–পূব ভাৰতত দেশৰ ৬৬ শতাংশ বাঁহ উৎপাদন হয় আৰু ই অঞ্চলটোত ইথানল প্রকল্প স্থাপনৰ প্রচুৰ সম্ভাৱনীয়তা বহন কৰিছে বুলি উল্লেখ কৰি পাটোৱাৰীয়ে কয় যে ৰাজ্যত থলুৱাভাৱে ইথানল উৎপাদন কৰা প্রকল্পসমূহক উৎসাহ যোগোৱাৰ বাবে বিত্তীয় সাহায্য আগবঢ়োৱাৰ প্রয়োজনীয়তা আছে৷ সেয়েহে ইথানল উৎপাদন উৎসাহন নীতি প্রণয়ন কৰা হৈছে৷ এনবিপি ২০১৮ৰ অধীনত অনুমোদিত সকলো ফিডষ্টকৰ পৰা ইথানল উৎপাদনত উৎসাহ যোগোৱা, সম্ভাব্য বিনিয়োগকাৰীসকলক পর্যাপ্ত সুবিধা আৰু আর্থিকভাৱে উৎসাহিত কৰি ‘ইন্ধন–গ্রেড স্বতন্ত্র জৈৱিক হথানল’ উৎপাদন প্রকল্পলৈ বিত্তীয় সাহায্য আৰু বিনিয়োগৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰা, ইথানল উৎপাদনৰ বাবে কেঁচামাল ডৎপাদন কৰা কৃষকসকলৰ উপার্জন বৃদ্ধি কৰা আৰু এই নতুন ঔদ্যোগিক গোটবোৰক উদগনিৰ জৰিয়তে স্থানীয় নিযুক্তিৰ সুযোগ সৃষ্টি কৰাই হৈছে এই নীতিৰ উদ্দেশ্য৷ কেৱল তেল উৎপাদন কোম্পানীসমূহক পেট্ৰ’ল আৰু ডিজেলৰ সৈতে মিশ্রণ কৰিবৰ বাবে যোগান ধৰাৰ উদ্দেশ্য ইথানল প্রস্তুত কৰা স্বতন্ত্র ইথানল উৎপাদনকাৰী ঔদ্যোগিক গোটসমূহৰ বাবে এই নীতিৰ অধীনত আগবঢ়োৱা সাহায্য লাভৰ বাবে যোগ্য বিবেচিত হ’ব৷

ইথানল প্রকল্প স্থাপনকাৰীক এন ই আহ ডি এছ ২০১৭ৰ অধীনত চি চি আই এ চিৰ সুবিধা অনুসৰি ৩০ শতাংশ ৰাজসাহায্যৰ ডপৰি প্রকল্প আৰু যন্ত্রৰ বাবে ২০ শতাংশ মূলধন ৰাজসাহায্য লাভ কৰিব, অর্থাৎ মুঠ ৫০ শতাংশ ৰাজ সাহায্য প্রদান কৰা হ’ব৷ সর্বাধিক ৫ কোটি টকা পর্যন্ত লাভ কৰিব৷ ঔদ্যোগিক ডৎপাদন আৰম্ভ কৰাৰ দিনৰ পৰা ৫ বছৰৰ বাবে প্রতি ইউনিট বিদ্যুতত ১ টকা ৰাজসাহায্যৰ লগতে অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি ২০১৯ৰ অধীনত অতিৰিক্তভাৱে প্রতি ইডনিট বিদ্যুতত ২ টকা ৰাজসাহায্য, বছৰি সর্বাধিক ৭৫ লাখ টকা পর্যন্ত প্রদান কৰা হ’ব৷ তদুপৰি আন সাহায্য সন্দর্ভত কয় যে ৫ বছৰৰ বাবে মূলধন ঋণৰ ওপৰত সুতত ৫ শতাংশ ৰাজসাহায্য প্রদান কৰা হ’ব৷ ইয়াৰ উপৰি অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি ২০১৯ৰ অধীনত অতিৰিক্তভাৱে ২ শতাংশ সুতৰ ৰাজসাহায্য আৰু এন ই আহ ডি এছ ২০১৭ৰ অধীনত ৩ শতাংশ সুতৰ ৰাজসাহায্য লাভ কৰিব৷ তদুপৰি ৫ বছৰৰ বাবে এছজিএছটি পৰিশোধত ১০০ শতাংশ সকাহ প্রদান কৰা হ’ব৷ ৫ বছৰৰ বাবে এন হ আহ ডি এছ ২০১৭ৰ অধীনত অতিৰিক্তভাৱে আয়কৰৰ লগতে চি জি এছ টি, আহ জি এছ টিৰ কেন্দ্রীয় অংশৰ ৰেহাই দিয়া হ’ব৷ ভূমিক ঔদ্যোগিক শ্রেণীৰ ভূমিলৈ ৰূপান্তৰ কৰাৰ বাবে মাচুল সম্পূর্ণ ৰেহাই প্রদান কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে৷

সংবাদ মেলত পাটোৱাৰীয়ে কয়– অসমত যুৱক–যুৱতী নিযুক্তি দিলে ৫ বছৰৰ বাবে স্থায়ী আৱাসিক কর্মচাৰীৰ ভৱিষ্যনিধিৰ অনুদানব্যয় ৰাজ্য চৰকাৰে প্রদান কৰিব৷ প্রতিজন কর্মচাৰীৰ বাবে ২০,০০০ টকা দক্ষতা বিকাশ ৰাজসাহায্য বা এএছডিএম হাৰ আগবঢ়োৱা হ’ব৷ এই সাহায্য কেৱল স্থায়ী আৱাসী কর্মচাৰীৰ প্রশিক্ষণৰ বাবে প্রযোজ্য হ’ব৷ ইয়াৰ উপৰি অসম চৰকাৰৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি, ২০১৯ আৰু কেন্দ্রীয় চৰকাৰৰ এন হ আহ ডি এছ ২০১৭ নীতিৰ অধীনত এই প্রকল্পসমূহে ষ্টাম্প শুল্ক আৰু পঞ্জীয়ন মাচুলত ১০০ শতাংশ ৰেহাহ লাভ কৰিব৷ এইদৰে এন হ আহ ডি এছ ২০১৭ আৰু অসম চৰকাৰৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি, ২০১৯ৰ সুবিধাসমূহো যোগ হৈ এই ইথানল নীতিয়ে দেশৰ ভিতৰতে সর্বাধিক সাহায্য তথা সুবিধা আগবঢ়াইছে৷ পেড্র’ল আৰু ডিজেলৰ সৈতে মিশ্রণৰ বাবে তেল উৎপাদনকাৰী কোম্পানীবোৰক ডৎপাদিত হথানলৰ ১০০ শতাংশ যোগান ধৰা জৈৱিক স্বতন্ত্র ১০০ শতাংশ হন্ধন–গ্রেড হথানল ডৎপাদনকাৰী প্রকল্পসমূহহে এই নীতিৰ অধীনত সাহায্যৰ বাবে যোগ্য হ’ব৷

এই নীতিৰ অধীনত এনবিপি ২০১৮ৰ জৰিয়তে অনুমোদিত সকলো কেঁচামালৰ পৰা ইথানল উৎপাদন কৰিবলৈ দিয়া হ’ব৷ এই নীতি ৰূপায়ণৰ বাবে অসম চৰকাৰৰ ডদ্যোগ আৰু বাণিজ্য বিভাগে ন’ডেল বিভাগ হ’ব বুলি মন্তব্য কৰি তেওঁ কয় যে অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি, ২০১৯ৰ অধীনত এহ নীতিৰ সাহায্যসমূহ প্রদানৰ ব্যৱস্থা কৰা হ’ব আৰু ইয়াৰ বাবে কার্যকৰী নিয়মাৱলী ঘোষণা কৰা হ’ব৷ অসমত থকা চাৰিটা শোধনাগাৰে প্রচুৰ পৰিমাণে পেট্ৰ’ল আৰু ডিজেল উৎপাদন কৰে আৰু ই ৰাজ্যখনত ইথানল প্রকল্পৰ প্রচুৰ সম্ভাৱনীয়তা বহন কৰিছে৷ পেট্ৰল– ডিজেলৰ সৈতে মিশ্রণৰ বাবে ইথানল আমদানি কৰা আই অ’ চি এলে ইথানল প্রকল্প স্থাপনৰ কথা বিবেচনা কৰি আছে৷ অসম চুক্তি অনুসৰি স্থাপন কৰা এন আৰ এলত অলপতে অসম চৰকাৰৰ অংশীদাৰিত্ব ২৬ শতাংশলৈ বৃদ্ধি কৰা হৈছে৷

এই এন আৰ এলে দুটা ইউৰোপীয় কোম্পানীৰ সহযোগিতাত ইয়াৰ নুমলীগড় শোধনাগাৰৰ কাষতে এটা জৈৱ শোধনাগাৰ স্থাপনৰ বাবে এক জে ভি প্রজেক্ট গ্রহণ কৰিছে৷ ২০২২–২৩বর্ষত আৰম্ভ হ’বলগীয়া এই শোধনাগাৰে বছৰি ৩,০০,০০০ টন শুকান বাঁহৰ পৰা জৈৱ ইথানল আৰু আন জৈৱ ইন্ধন প্রস্তুত কৰিব৷ ২৬০০ কোটিটকীয়া এই প্রকল্পত এন আৰ এলৰ অংশ হৈছে ৫০ শতাংশ৷ ২০১৯ চনত অভিলেখ পৰিমাণৰ ৭৫০ নিযুত লিটাৰ ইথানল আমদানি কৰা হৈছে আৰু ই হৈছে মুঠ চাহিদাৰ ৩০ শতাংশৰ বেছি৷ঘৰুৱা ইথানল উৎপাদনে এনে আমদানিৰ পৰিমাণ হ্রাস কৰিব আৰু অসমৰ ইথানল নীতিয়ে এই উদ্দেশ্য সাধনত গুৰুত্বপূর্ণ ভূমিকা ল’ব৷

You May Also Like

More From Author