বিগত কিছু দিন পূৰ্বে মৰিগাঁও জিলাত পোহৰলৈ আহিছিল কিডনী বিক্ৰীৰ দৰে ভয়াবহ ঘটনা ৷ ইয়াৰ পিছতে ৰাজ্যৰ অন্যান্য প্ৰান্ততো মানৱদেহৰ অংগ ব্যৱসায়ৰ তথ্য পোহৰলৈ আহিছিল ৷ ইয়াৰ ভিতৰত অন্যতম এখন জিলা হিচাপে পৰিগনিত হৈছে ডিব্ৰুগড় জিলা ৷ জিলাখনত এতিয়াও সক্ৰিয় হৈ আছে মানৱ দেহৰ অংগ বিক্ৰীৰ লগত জড়িত এটা দালাল চক্ৰ ।
জানিব পৰা মতে, বিনা মৃৰ্দ্ধা নামৰ মহিলাগৰাকীৰ কন্যা অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ সময়তে তেখেতৰ সাক্ষাৎ হৈছিল তেজপুৰৰ নাতুন দেউৰী আৰু মনিকা দেউৰীৰ সৈতে । সেই সময়তে তেজপুৰ ৰঙাপাৰাৰ কিডনী বিক্ৰীৰ লগত জড়িত এক দালাল দম্পত্তিয়ে কিডনী বিক্ৰীৰ পৰামৰ্শ দিছিল বিনা মৃৰ্দ্ধা । তাৰ পাছতে ৫ লাখ ৫০ হাজাৰ টকাত নিজৰ এটা কিডনী দিবলৈ মান্তি হৈছিল বিনা মৃৰ্দ্ধা নামৰ মহিলাগৰাকী । কিডনী বিক্ৰীৰ দৰদাম ঠিক হোৱাৰ পাছতে এমাহৰ পূৰ্বে কলকাতাত নিজৰ কিডনী বিক্ৰী কৰিছিল বিনা মৃৰ্দ্ধাই ।
মন কৰিবলগীয়া যে, বাণীপুৰ ৰে’লৱে ষ্টেচনৰ পৰা নাতুন দেউৰী আৰু মনিকা দেউৰীৰ সৈতে কলকাতালৈ যোৱাৰ কথা স্বীকাৰ কৰিছে বিনা মৃৰ্দ্ধাই । সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে মানৱ দেহৰ ব্যৱসায় কৰা দালাল চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আটছাই । উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেইও ডিব্ৰুগড়ৰ বহু কেইখন চাহ বাগিচাত কিডনী বিক্ৰীৰ বহুকেইটা ঘটনা পোহৰলৈ আহিছিল । কিন্তু এই বিষয়টো লৈ আৰক্ষীয়ে আজি পৰ্যন্ত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ আভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন লোকে ৷