আতংকিতহৈ পৰিছে স্থানীয় ৰাইজ
দুলীয়াজানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহৰ সমীপৰ জাগুন পথাৰ গাঁৱত অইল ইণ্ডিয়া লিমিটেডৰ এডাল তেল পৰিবাহী পাইপলাইনত ভয়াৱহ গতিত খাৰুৱা তেল নিৰ্গমণ ঘটনা সংঘটিত হৈছে । প্ৰাপ্ত বাতৰি মতে অইল ইণ্ডিয়া লিমিটেডৰ বিভাগীয় একাংশ বিষয়া-কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতা তথা সোপাঢিলা স্বৰূপৰ বাবেই বিগত কেইবাদিনোধৰি উক্ত পাইপডাল পৰা অহৰহ গতিত খাৰুৱা তেল নিৰ্গমণ হৈছে । দুলীয়াজানৰ ম’হমাৰীস্থিত অইল ইণ্ডিয়া লিমিটেডৰ তৈলক্ষেত্ৰৰ পৰা দুলীয়াজানৰ মুখ্য ঔদ্যোগিক এলেকাত অৱস্থিত কেন্দ্ৰীয় টেংক ফ্ৰামৰ লগত সংলগ্ন খাৰুৱাতেল পৰিবাহী পাইপলাইনডাল ফটাৰ ফলত বৃহৎ পৰিমাণৰ খাৰুৱা তেল নিৰ্গমণ হৈছে । শেহতীয়াকৈ পাইপলাইনৰ কাষতে থকা খেতিয়ক ৰাইজৰ পথাৰ আৰু পুখুৰীত খাৰুৱা তেলেৰে ভৰি পৰিছে । অইলৰ বিষয়া-কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ অইলৰ অগ্নিনিবাপক বাহিনীৰ সহায়ত টেংকাৰৰ যোগেদি তেল পুখুৰীৰ পৰা তুলি পুণৰ অইল ঔদ্যোগিক ক্ষেত্ৰলৈ নিয়াৰ ব্যৱস্থা কৰিছে যদিও তেল নিৰ্গমণ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই । ঘটনাস্থলীত যি কোনো মুহুৰ্ততে অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকাত স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে । ইফালে খাৰুৱা তেল পথাৰলৈ বিয়পি যোৱাৰ ফলত খেতি পথাৰৰ উৱৰা শক্তি হ্ৰাস হোৱা সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইফালে বাঘজানৰ ভয়াৱহ ঘটনাৰ শিক্ষা গ্ৰহণ নকৰিলে অইল কৰ্তৃপক্ষই । শেহতীয়াকৈ বিস্তৃত অঞ্চল খাৰুৱা তেল বিয়পি পৰিছে আৰু যিকোনো মুহূৰ্ততে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভৱনা আছে । যোৱা তিনি বছৰ পূৰ্বে উক্ত স্থানত অনুৰূপ ঘটনা সংঘটিত হৈ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ।