নৱ কুমাৰ শৰণীয়াই শীঘ্রে দায়িত্ব ল’ব অসম তৃণমূল কংগ্রেছৰ

0 min read

ৰাজ্যত হ’বলগীয়া কেইবাখনো আসনৰ আসন্ন উপ–নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক সমীকৰণ চলি থকাৰ মাজতে মঙলবাৰে একপ্রকাৰ বিস্ফোৰণ ঘটাইছে কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াই৷ মঙলবাৰে  নতুন দিল্লীৰ পৰা ‘নিয়মীয়া বার্তা’ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সাংসদগৰাকীয়ে কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য কৰে৷

ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে মমতা বেনার্জীক সাক্ষাৎ কৰা সন্দর্ভত শৰণীয়াই কয় যে অসমত তৃণমুল কংগ্রেছৰ দায়িত্ব কোনে ল’ব সেই সন্দর্ভত ইতিমধ্যে বহু আলোচনা হৈ আছে আৰু দলটোৰ কেন্দ্রীয় নেতৃত্বই নৱ কুমাৰ শৰণীয়াক অসমৰ দায়িত্ব প্রদান কৰিবলৈ ইচ্ছা প্রকাশ কৰা বুলি কয়৷

এই সন্দর্ভত ইতিমধ্যে টি এম চিৰ স’তে তেওঁৰ কেইবালানি আলোচনা হৈছে লি ব্যক্ত কৰি ভৱিষ্যতৰ পৰিকল্পনাৰে টি এম চিলৈ যোৱাৰ কুচকাৱাজ চলাইছে বুলি সাংসদগৰাকীয়ে স্পষ্টভাৱে জনায়৷

তেওঁ কয় যে ব্যক্তিগত কোনো মুনাফা নিবিচাৰি একমাত্র শাসনৰ পৰিৱর্তনেৰে অসমৰ বিশেষকৈ বিটি আৰৰ ৰাইজক ৰাজনৈতিক অধিকাৰ দিয়াৰ স্বার্থতে তেওঁ এই সিদ্ধান্ত লৈছে৷

আনহাতে, অখিল গগৈয়েও ইতিমধ্যে টি এম চিৰে কেইবাবাৰো আলোচনা কৰিছে বুলিও সাংসদগৰাকীয়ে উল্লেখ কৰে৷ আগত দিনত অসমৰ বহু লোকে টি এম চিত যোগদান কৰিব বুলি ঘোষণা কৰি নৱ কুমাৰ শৰণীয়াই কয় যে এই সন্দর্ভত  সাংসদ অজিত কুমাৰ ভূঞাৰ স’তেও আলোচনা হৈছে বুলি অৱগত কৰায়৷

আনহাতে, প্রমোদ বড়োৰ চৰকাৰ সন্দর্ভতো মন্তব্য কৰি তেওঁ কয় যে সম্প্রতি ২০২৪ পর্যন্ত প্রমোদ বড়ো ক্ষমতাত থাকিব আৰু তাৰ পিছৰ পৰিস্থিতি লক্ষণীয় হ’ব বুলিও  মন্তব্য কৰে সাংসদগৰাকীয়ে৷

হাগ্রামা মহিলাৰী সন্দর্ভতো তেওঁ কয় যে নিজৰ ভৱিষ্যৎ ৰাজনৈতিক জীৱন সুৰক্ষিত কৰাৰ বাবে মহিলাৰী লাহে লাহে বিজেপিৰ ওচৰ চাপিছে৷ কাৰণ ইয়াৰ অন্যথা মহিলাৰীৰ ৰাজনৈতিক ভৱিষ্যৎ থৰক বৰক৷ ইপিনে সমগ্র ভাৰতবর্ষৰ ৰাজনীতি সন্দর্ভত বিস্ফোৰক মন্তব্য কৰি শৰণীয়াই কয় যে ভাৰতবর্ষত সম্প্রতি আটাইতকৈ শক্তিশালী ৰাজনৈতিক দল হিচাপে পৰিচিত বিজেপিৰ ভিতৰচৰাত ঘূর্ণি বতাহ চলিছে৷

ফলত ভাৰতবর্ষত শীঘ্রেই এক ৰাজনৈতিক ছুনামি আহিব পাৰে বুলি তেওঁ আশংকা ব্যক্ত কৰিছে৷ তেওঁ কয় যে বিজেপিৰ আভ্যন্তৰীণ পৰিস্থিতি বৰ্তমান সঠিক নহয়৷ কাৰণ ক’ৰোনা মহামাৰী বুলিয়েই নহয় বিমুদ্রাকৰণৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্রত খোদ বিজেপিৰ বহু মানুহ ভিতৰে ভিতৰে অসন্তুষ্ট হৈ আহিছে৷

You May Also Like

More From Author