অসমীয়া জীয়ৰী–বোৱাৰীৰ লজ্জাক বিক্রী কৰি বিদেশত পর্ন’গ্রাফীৰ বেহা

0 min read

অসমত ভয়ানক হাৰত সংঘটিত হ’ব ধৰিছে চাইবাৰ অপৰাধ৷ মুম্বাইৰ ৰাজ কুন্দ্রাৰ অপৰাধৰ কাহিনীতকৈও শিহৰণকাৰী ঘটনা এইখন অসমৰ তেজপুৰতেই সংঘটিত হৈছে৷ চাইবাৰ অপৰাধীয়ে সামাজিক মাধ্যমৰ জৰিয়তে জালত পেলাই অসমীয়া জীয়ৰী–বোৱাৰীৰ লজ্জাক বিক্রী কৰিছে বিদেশত৷

তেজপুৰৰ পৰা আফ্রিকা, আমেৰিকাৰ ফোন নম্বৰ আৰু বিভিন্ন নেটৱর্কিং ছাইট ব্যৱহাৰ কৰি তেজপুৰৰ যুৱকে দীর্ঘদিন ধৰি পর্নগ্রাফীৰ ব্যৱসায় চলাই আহিছে৷ তেজপুৰ চহৰৰ মাজমজিয়াৰ পৰা কম্পিউটাৰ বিজ্ঞানৰ উচ্চ শিক্ষিত যুৱক ৱাহিদ আলম আৰক্ষীৰ হাতত গ্রেপ্তাৰ হোৱাৰ পাছতেই পোহৰলৈ আহে অসমত চলি থকা চাইবাৰ অপৰাধৰ ভয়ংকৰ ছবি৷

উল্লেখ্য যে এগৰাকী যুৱতী ৱাহিদ আলমৰ ব্লেকমেইলিঙৰ বলি হৈ আত্মহত্যাৰ বাবে উদগ্রীৱ হৈছিল৷ জীৱনত মান–সন্মান–লজ্জা সকলো হেৰুৱাই যুৱতীগৰাকীয়ে মানসিকভাৱে ভাৰাক্রান্ত হৈ পৰাৰ পাছত আৰক্ষীৰ টুইটাৰ হেণ্ডেলত বিষয়টো অৱগত কৰিছিল৷ ইয়াৰ পাছতেই শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনাৱটে অতি সতর্কতাৰে চাইবাৰ চেলৰ সহযোগত বিষয়টো সন্দর্ভত অনুসন্ধান আৰম্ভ কৰে৷

লক্ষণীয়ভাৱে এমটেকৰ ছাত্র ৱাহিদ আলমে বিভিন্ন ফোন নম্বৰত হোৱাটছএপ, ফেচবুক আদি সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন পৰিচয় দি যুৱতী আৰু মহিলাৰ সৈতে বন্বুূত্ব গঢ়ি তোলে৷ ইয়াৰ পাছত সেই যুৱতী–মহিলাৰ ফেচবুক–হোৱাটছএপ দিয়া আলোকচিত্র বিশেষ কৌশলৰে মর্ফিং কৰি নগ্ন ৰূপত প্রস্তুত কৰে আৰু উক্ত যুৱতী অথবা মহিলালৈ প্রেৰণ কৰি ব্লেকমেইলিং আৰম্ভব কৰে৷

অকল সেয়াই নহয়, যুৱকজনৰ সম্পর্ক আছে আন্তঃৰাষ্ট্রীয় পর্যায়ৰ কেইবাটাও পর্নগ্রাফী ছাইটৰ সৈতে৷ তেনে এজেন্সীত যুৱকজনে অসমীয়া নাৰীৰ নগ্ন ছবি প্রেৰণ কৰে৷ আৰক্ষীয়ে ৱাহিদৰ পৰা উদ্ধাৰ কৰা ম’বাইল ফোন আৰু লেপটপ দেখি হতবাক হৈ পৰিছে৷

কম্পিউটাৰ বিশেষজ্ঞয়ো যুৱকজনৰ ম’বাইল আৰু কম্পিউটাৰত থকা কেইটামান ছফটৱেৰ আৰু এপছ সন্দর্ভত বিশেষ তথ্য আহৰণ কৰিব পৰা নাই৷ ইতিমধ্যে জব্দ কৰা ম’বাইল আৰু লেপটপৰ পৰীক্ষা কৰি আছে দেশৰ আগশাৰীৰ চাইবাৰ বিশেষজ্ঞই৷

ইফালে শোণিতপুৰ আৰক্ষীয়ে ভুক্তভোগী যুৱতীগৰাকীক মনোৰোগ বিশেষজ্ঞৰ জৰিয়তে কাউঞ্চেলিঙৰ ব্যৱস্থা কৰিছে৷ প্রণিধানযোগ্য যে শোণিতপুৰত প্রায় ৪০টাৰো অধিক চাইবাৰ অপৰাধীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে৷

বিশেষকৈ যুৱতী আৰু মহিলাসকলক সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্রত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে শোণিতপুৰৰ আৰক্ষী অধীক্ষকে৷ জিলাখনত এনেধৰণৰ কোনো ঘটনা ঘটিলে অথবা কোনো লোক চাইবাৰ অপৰাধীৰ কবলত পৰিলে আৰক্ষীৰ হেল্পলাইন হোৱাটছএপ নম্বৰ ৭০০২৯৯৩৭১১ত জনাবলৈ অনুৰোধ কৰিছে৷

You May Also Like

More From Author