প্ৰেমে নামানে কোনো সীমা! ১৯ বছৰীয়া যুৱতী আৰু ৬৭ বছৰীয়া বৃদ্ধৰ প্ৰেম বিবাহ

0 min read

কোৱা হয় যে প্ৰেমে কোনো বয়সৰ সীমা, প্ৰেম যিকোনো সময়তে হ’ব পাৰে। হাৰিয়ানাৰ পলৱল জিলাৰ হাথীন অঞ্চলত প্ৰেম বিবাহৰ এনে এক ঘটনা পোহৰলৈ আহিছে। এগৰাকী ৬৭ বছৰীয়া বয়োবৃদ্ধই ১৯ বছৰীয়া এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দুয়ো পঞ্জাব আৰু হাৰিয়ানা হাইক’ৰ্টত উপস্থিত হৈ স্বামী–স্ত্ৰী বুলি পৰিচয় দি পৰিয়ালৰ পৰা জীৱনৰ প্ৰতি ভাবুকি অহা বুলি কৈ সুৰক্ষা বিচাৰে। হাইক’ৰ্টে দুয়োৰে সম্পৰ্কক লৈ সন্দেহ প্ৰকাশ কৰাত ঘটনাৰ তদন্ত কৰা হয়। ইয়াৰ পিছত আৰক্ষীয়ে হাইক’ৰ্টক জনায় যে ঘটনাত কোনো খেলিমেলি নাই।

পলৱলৰ এছপি দীপক গহলাৱতে হাইক’ৰ্টত দাখিল কৰা ৰিপ’ৰ্টত কোৱা হৈছে যে এই ঘটনাত যুৱতীগৰাকীৰ ওপৰত কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰা হোৱা নাছিল। হাথীনৰ এছডিএমৰ সন্মুখত যুৱতীগৰাকীৰ ভাষ্য গ্ৰহণ কৰা হয় য’ত যুৱতীগৰাকীয়ে কয় যে তেওঁ নিজৰ মাতৃৰ সহমতত এই বিবাহপাশত আবদ্ধ হৈছে।

ডিএছপিৰ নেতৃত্বত এটা দলে তদন্ত কৰি জানিব পাৰিলে যে লোকজনৰ ৭টা সন্তান আছে আৰু আটাইকেইজন বিবাহিত। তেওঁৰ পত্নীৰ মৃত্যু হৈছে। আনহাতে, যুৱতীগৰাকীৰো বিয়া হৈছে। বিগত বৰ্ষত তেওঁৰ বিয়া ৰাজস্থানত হৈছিল আৰু তেওঁৰ স্বামী জীৱিত। যুৱতীগৰাকীয়ে কয় যে স্বামীৰ সৈতে তালাক নোলোৱাকৈয়ে পুনৰ বিয়াত বহিছে। তেওঁৰ স্বামী আন মহিলাক ভাল পায় আৰু তেওঁৰ এই বিয়াত কোনো আপত্তি নাই।

You May Also Like

More From Author